বকো, ২৬ মাৰ্চ: অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিম অঞ্চলৰ মৌচোৱা গাঁৱত শনিবাৰে বিয়লি এজন যুৱক সৌভাগ্য়ক্ৰমে হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে (Man Elephant conflict in Assam)। বনাঞ্চল ধ্বংস বৃদ্ধিৰ বাবে সমগ্ৰ অসমতে মানুহ আৰু বন্যহস্তীৰ সংঘাত বৃদ্ধি পাইছে । এই সংঘাতে অসম- মেঘালয় সীমান্ত বকো অঞ্চলত জটিল ৰূপ ধাৰণ কৰিছে । খাদ্যৰ অভাৱত বনৰীয়া হাতীয়ে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰিছে । বেছিভাগেই সংৰক্ষিত বনাঞ্চলৰ সমীপৰ ৰাইজে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে (Elephant terror in Boko)।
আশ্চৰ্যজনকভাৱে পশ্চিম কামৰূপ সংমণ্ডল বন কাৰ্যালয়ৰ শিংৰা বন ৰেঞ্জ কাৰ্যালয়ৰ হাহিম বিট কাৰ্যালয়ৰ অন্তৰ্গত মৌছুৱা গাঁৱত (অসম-মেঘালয় সীমান্তৰ কাষত) বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে পলিটিকেল ৰাভা (২৫) নামৰ এজন যুৱক (Elephant attacked man in Assam Meghalaya border)। স্থানীয় ৰাইজে সদৰী কৰা মতে, শনিবাৰে পুৱাই পোৱালিকে ধৰি বনৰীয়া হাতীৰ জাক এটাই তেওঁলোকৰ গাঁও মৌছুৱা পাৰ হৈ যায় । পিছত দুপৰীয়া পোৱালিসহ তিনিটা হাতী গাঁওখন পাৰ হ'বলৈ চেষ্টা কৰে । তেনেসময়তে গাঁৱখনৰ কলৰ বাৰী এখনত প্ৰৱেশ কৰি খেতি ধ্বংস কৰিবলৈ ধৰে ।
গাঁৱৰ আন লোকৰ লগতে পলিটিকেল ৰাভাই হাতী খেদিবলৈ যায় । সেই সময়তে এটা হাতীয়ে তেওঁক উভতি ধৰি পলিটিকেল ৰাভাক চেপি ধৰে । কিন্তু পলিটিকেল ৰাভাৰ এই আক্ৰমণৰ সময়তো দৈৱক্ৰমে তেওঁৰ জীৱন ৰক্ষা পৰিল । ইপিনে,স্থানীয় ৰাইজে লগতে কয়,"আমি এতিয়া হাতীৰ আক্ৰমণত অভ্যস্ত হৈ পৰিছো । বেছিভাগ সময়তে হাতীৰ জাকে এই অঞ্চলত প্ৰৱেশ কৰি ঘৰ-বাৰী আৰু খেতিৰ ক্ষতিসাধন কৰিছে । বহু লোকৰো ইতিমধ্যে মৃত্যু হৈছে।"এই ঘটনাত পলিটিকেল ৰাভা সামান্য় আঘাতপ্ৰাপ্ত হয় ।
ইপিনে,পশ্চিম কামৰূপ সংমণ্ডলৰ ডি এফ অ' ডিম্পি বৰাই কয়,"আমি ভয়ংকৰ কাণ্ডৰ তদন্ত কৰিম । ইতিমধ্যে মই চিংৰা ৰেঞ্জ বিষয়াক অধিক সবিশেষ জানিবলৈ আৰু অঞ্চলটোত টহল দিবলৈ নিৰ্দেশ দিছো।"বৰাই লগতে লগতে কয় এসপ্তাহৰ ভিতৰত ডব্লিউ ডব্লিউ এফ আৰু Elephant Foundationৰ সৈতে হাতী-মানৱৰ সংঘাট সম্পৰ্কে সজাগতা সভা এখনৰ আয়োজন কৰা হ'ব । বৰাই লগতে কয় যে চিংৰা আৰু বণ্ডাপাৰা বনাঞ্চলৰ লোকসকলক সামৰি লৈ জনসাধাৰণৰ সুৰক্ষাৰ বাবে উচ্চমানৰ টৰ্চ লাইট, ফটকা বিতৰণ কৰা হ'ব ।
লগতে পঢ়ক:ECI team visits Assam: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ অসমত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল