ৰঙিয়া,১২ জুন: অপৰাধীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ হৈছে ৰঙিয়া আৰক্ষী (Police against criminals)। প্ৰতিদিনে চলাই গৈছে অভিযান । সমান্তৰালভাৱে বৃহস্পতিবাৰে নিশাও আৰক্ষীয়ে চলাইছিল এক অভিযান । অভিযানকালত চুৰি হোৱা মোবাইল ফোনসহ কৰায়ত্ব কৰে এজনক(One trapped by police in Rangia) ।

এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা প্ৰায় এঘাৰ বজাত ৰঙিয়া আৰক্ষীৰ এটা দলে ৰঙিয়াৰ চেপ্তী চকত অভিযান চলাই । অভিযানৰ সময়ছোৱাত ইমান হুছেইন নামৰ এজন লোকক কৰায়ত্ব কৰাৰ লগতে ছটা মোবাইল ফোন আৰু এখন চোকা মাৰণাস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে ।

লগতে উদ্ধাৰ কৰে এখন নম্বৰ প্লেট বিহীন চাৰিচকীয়া ওৱেগনাৰ বাহন । আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পাছত গম পোৱা যায় যে উক্ত মোবাইল কেইটা বিভিন্ন স্থানৰ পৰা চিলনী চোৰে কাঢ়ি লৈ গৈছিল । ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে । তদন্তৰ খাতিৰত বৰ্তমানলৈ আৰক্ষীয়ে ঘটনাৰে জড়িত আন কোনো তথ্য ৰাজহুৱা কৰা নাই ।
লগতে পঢ়ক: গাভৰুৰ বুকুত এজাক কিশোৰৰ ধেমালি