ETV Bharat / state

নেতা-কৰ্মীৰ বিজেপিত যোগদানৰ ধুমুহাৰ মাজতে এইবাৰ কংগ্ৰেছত তৃণমূলৰ শেনচকু ! - কংগ্ৰেছ দলৰ নতুন সংকট

বিজেপিয়ে গ্ৰাস কৰা অসম প্ৰদেশ কংগ্ৰেছৰ ওপৰত এইবাৰ তৃণমূল কংগ্ৰেছৰ চকু । দলটোৰ দুজন বিধায়কৰ লগতে একাংশ নেতাই বিজেপিত যোগদান কৰাৰ উপৰি দলৰ বহুকেইজন বিধায়ক বিজেপি আৰু মিত্রদল অগপত যোগদানৰ বাবে যোগাযোগ অব্যাহত আছে (Congress leader's BJP joining) । এনে সময়তে তৃণমূলক লৈ এক নতুন সংকটৰ সমুখীন হৈছে কংগ্ৰেছ দল (TMC brings new threat for Assam congress) ৷ সবিশেষ জানো আহক ৷

mamtas-tmc-brings-new-threat-for-assam-congress
নেতা-কৰ্মীৰ বিজেপিত যোগদান ধুমুহাৰ মাজতে এইবাৰ কংগ্ৰেছত তৃণমূলৰ শেনচকু !
author img

By

Published : Jan 13, 2022, 6:34 PM IST

গুৱাহাটী, ১৩ জানুৱাৰী: ক্ষমতাৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত অসমত ক্ৰমাৎ যেন অস্তিত্বহীন হৈ পৰিছে কংগ্ৰেছ দল । ইতিমধ্যে দলটোৰ দুজন বিধায়কৰ লগতে একাংশ নেতাই বিজেপিত যোগদান কৰাৰ উপৰি দলৰ বহুকেইজন বিধায়কে বিজেপি আৰু মিত্রদল অগপত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখাৰ খবৰ ইতিমধ্যে প্রকাশ পাইছে (Congress leader's BJP joining)।

ৰাজ্যত কংগ্রেছ দল বিজেপিৰ গ্রাসত পৰাৰ সময়তে দলটোৰ প্রতি এইবাৰ শেনচকু পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ সভানেত্রী মমতা বেনার্জীৰ (Mamta Banarjee's interest in Assam) । ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে তৃণমূল কংগ্রেছে অসমত নিজৰ স্থিতি সবল কৰাৰ বাবে ইতিমধ্যে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ।

নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱক দলত যোগদান কৰোৱাই পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ নির্বাচিত কৰোৱাৰ পাছতেই অতি সন্তর্পণে ৰাজ্যখনৰ বিভিন্নজন কংগ্রেছীৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে (TMC having close relationship with Assam congress leaders) ।

দলৰ এক বিশেষ সূত্রে জানিব পৰা মতে অসমৰ বর্তমানৰ দুজন কংগ্রেছ সাংসদৰ লগতে ৫ জনকৈ বিধায়কৰ সৈতে সম্প্রতি তৃণমূল কংগ্রেছে যোগাযোগ ৰক্ষা কৰি চলিছে । সেইদৰে বহুকেইগৰাকী প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ককো তৃণমূল কংগ্রেছত যোগদানৰ প্রস্তাৱ দিয়া হৈছে (Offers from TMC to Assam congress leaders) ।

তৃণমূল কংগ্রেছৰ তৰফৰ পৰা তেওঁলোকক ৰাজ্যখনত দলৰ নেতৃত্ব লোৱাৰ বাবেও প্রস্তাৱ দিয়া হৈছে । সূত্রটোৱে জানিবলৈ দিয়া মতে অসমীয়া নতুন বছৰটোৰ আৰম্ভণিৰ পৰাই এইক্ষেত্রত তৃণমূল কংগ্রেছে কার্যকৰী পদক্ষেপ গ্রহণ কৰিব । ইয়াৰ বাবেই সদ্যহতে অসমত তৃণমূল কংগ্রেছৰ কমিটী গঠনত দলটোৱে বিশেষ পদক্ষেপ গ্রহণ কৰা নাই ।

সূত্রটোৰ মতে নতুন দিল্লী আৰু কলকাতাত বিভিন্ন সময়ত সেইসকল কংগ্রেছীৰ সৈতে তৃণমূল কংগ্রেছৰ নেতৃত্বই সঘনে আলোচনাত মিলিত হোৱাৰ লগতে সুস্মিতা দেৱৰ জৰিয়তেও সেই যোগাযোগ চলাই আছে । ইপিনে, বিজেপিৰ সমান্তৰালভাৱে তৃণমূল কংগ্রেছৰ এই তৎপৰতাৰ উমান পায়েই কংগ্রেছ দলে ৰাজ্যখনত অনুশাসনৰ ক্ষেত্রত কিছু শিথিলতা অৱলম্বন কৰিছে ।

বিগত বিধানসভা নির্বাচনৰ সময়ত দলবিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ অভিযোগত দুই শতাধিক কংগ্রেছীক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে । ইয়াৰে একাংশক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হয় যদিও পৰৱর্তী পর্যায়ত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ হস্তক্ষেপত সেই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ প্রক্রিয়া স্থগিত ৰখা হয় ।

কিয়নো, সেই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ তালিকাত বহু জ্যেষ্ঠ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ক আদিও আছে । কাৰণ দর্শোৱাৰ জাননী লাভ কৰিলে ক্ষোভতে সেইসকল বিজেপি অথবা তৃণমূল কংগ্রেছলৈ যোৱাৰ ভয়তে দলে সেই সিদ্ধান্ত গ্রহণ কৰিছে বুলি এতিয়া আলোচিত হৈছে ৰাজনৈতিক মহলৰ ভিতৰচোৱাত ।

আনকি, দলৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলী আহমেদৰ ক্ষেত্রতো শেহতীয়াকৈ দলে যথেষ্ট নৰম স্থিতি গ্রহণ কৰিছে । যিকোনো প্রকাৰে শ্বেৰমান আলী আহমেদক দলত ৰখাৰ স্বার্থতেই এই নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছে বুলিও ধাৰণা কৰা হৈছে । মন কৰিবলগীয়া কথা যে, এই মূহুর্তলৈ শ্বেৰমান আলী আহমেদে তেওঁৰ কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ দিয়া নাই ।

উত্তৰ দিয়াৰ বাবে তেওঁ ৩১ জানুৱাৰীলৈ সময় বিচাৰিছে আৰু প্রদেশ কংগ্রেছেও তেওঁক সময় দিছে বুলি জানিব পৰা গৈছে । গুৰুত্বপূর্ণ কথা যে, কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই শ্বেৰমান আলী আহমেদে তেওঁক এ আই ইউ ডি এফৰ লগতে তৃণমূল কংগ্রেছেও তেওঁলোকৰ দলত যোগদানৰ বাবে প্রস্তাৱ দিয়াৰ বিষয়ে সদৰি কৰিছে ৷

ইয়াৰ লগতে তৃণমূল কংগ্রেছে আনকি তেওঁক ৰাজ্যখনত দলৰ নেতৃত্ব লোৱাৰো প্রস্তাৱ দিয়াৰ বিষয়ে প্রকাশ কৰিছে । এনে এক প্ৰেক্ষাপটত অসমত কংগ্ৰেছ নিঃশেষ হোৱাৰ ধাৰণা কৰা হৈছে । এতিয়া এইক্ষেত্রত দলৰ শীৰ্ষ নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: AFSPA extended In Manipur: মণিপুৰত বিজেপিৰ সম্ভাৱনাক প্ৰভাৱিত কৰিব নেকি আফস্পাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.