ETV Bharat / state

Rangia dead body recover case update: তিনিবাৰকৈ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিও বিফল হৈছিল প্ৰবীণ আগৰৱালা

author img

By

Published : Aug 16, 2023, 4:09 PM IST

"মোক ফাঁচী অথবা এনকাউণ্টাৰ কৰক ৷" চাপৰমুখত ট্ৰেইনৰ আগত পৰিও আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল প্ৰবীণ আগৰৱালাই । এবাৰ দুবাৰকৈ নহয় তিনিবাৰেই আত্মহত্যা কৰিবলৈ গৈ বিফল হৈছিল প্ৰবীণ আগৰৱালা ।

Rangia dead body recover case update
তিনিবাৰকৈ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিও বিফল হৈছিল প্ৰবীণ আগৰৱালা

ৰঙিয়া, 16 আগষ্ট : ৰঙিয়াত সোমবাৰে পুৱাই মাতৃ-কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ পিচতে প্ৰতিদিনেই ঘটনাই নতুন মোৰ লৈছে ৷ প্ৰবীণ আগৰলাৱাই এই ঘটনাক বাৰে বাৰে তিনিওৰে পৰিকল্পিত আত্মহত্যাৰ ঘটনা বুলি সদৰী কৰি অহাৰ পিচতো আত্মীয়ৰ সন্দেহৰ আঙুলিয়ে এই ঘটনাক ক্ৰমাৎ ঘন ৰহস্যৰ মাজলৈ ঠেলি দিছে ৷

বুধবাৰে এই ঘটনাৰ মূল অভিযুক্ত প্ৰবীণ আগৰৱালাক আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতলৈ যোৱাৰ আগমূহুৰ্তত সাংবাদিকৰ আগত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে আগৰৱালাই । "মোক ফাঁচী অথবা এনকাউণ্টাৰ কৰক ৷" চাপৰমুখত ট্ৰেইনৰ আগত পৰিও আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল প্ৰবীণ আগৰৱালাই । আত্মহত্যা কৰিবলৈ যাওঁতে প্ৰত্যক্ষদৰ্শীয়ে বচাইছিল প্ৰবীন আগৰৱালাক । এবাৰ দুবাৰৰকৈ নহয় তিনিবাৰেই আত্মহত্যা কৰিবলৈ গৈ বিফল হৈছিল প্ৰবীণ আগৰৱালাই । অত্যধিক ঋণৰ বাবেই এই চৰম পন্থা লৈছিল প্ৰবীন আগৰৱালাৰ পৰিয়ালে বুলি সাংবাদিকৰ আগত সদৰী কৰে আগৰৱালাই ।

যোৱা বৃহস্পতিবাৰ অৰ্থাৎ 10 আগষ্টৰ নিশা পত্নী, কন্যা আৰু খোদ প্ৰবীণ আগৰৱালাই নিজ ইচ্ছামতে হাঁহি হাঁহি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল । নিগনি মৰা বিষপান কৰাৰ পিচতো ১২ ঘন্টালৈকে মৃত্যু হোৱা নাছিল পত্নী, কন্যাৰ । সেয়ে তেওঁলোকে পুনৰ চিপ লৈ আত্মহত্যা কৰা বুলি মন্তব্য কৰে বুলি সদৰী কৰিছিল প্ৰবীণে । এতিয়া নিজক এনকাউণ্টৰ কৰিবলৈ আহ্বান জনাইছে প্ৰবীণ আগৰৱালাই ‌।

ইফালে পত্নী নিশা আগৰৱালা ওৰফে পিনু আৰু কন্যা কণিকা আগৰৱালৰ মৃত্যুত জড়িত আছে প্ৰবীণ । এই অভিযোগ উত্থাপন মৃত পত্নীৰ আত্মীয়ৰ । একমাত্ৰ কন্যা আৰু পত্নীক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে প্ৰবীণ আগৰৱালাই বুলি সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰে পত্নীৰ আত্মীয়ই ৷ যদি সঁচাকৈয়ে অধিক আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছিল তেন্তে নিজে আত্মহত্যা কৰাৰ পৰিৱৰ্তে কিয় পত্নী-কন্যাই আত্মহত্যা কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে আত্মীয়ই । নিগনি মৰা বিষ পান কৰি আত্মহত্যা কৰাৰ চেষ্টা চলোৱাৰ পিচত পুনৰ চিপ লৈ আত্মহত্যা চলোৱাটো মিছা বুলি মন্তব্য কৰে পত্নীৰ পৰিয়ালে ।

পত্নী, কন্যাৰ খাদ্যত বিষ দিহে বিষপান কৰোৱা বুলি মন্তব্য কৰে আত্মীয়ই । আনহাতে অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা চুইপাৰে ঘটনাস্থলীত কোনো চিপ লোৱা ৰচী প্ৰত্যক্ষ কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰে ।

দিন বাগৰাৰ লগে লগে এই ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট ওলোৱাৰ পিচতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি আশা কৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক:Rangia dead body recover case update: মাতৃ-কন্যাৰ মৃত্যুৰ সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.