কলিয়াবৰ/বাইহাটা : হিন্দু সনাতন ধৰ্মত মাঘ আৰু ফাগুন মাহৰ আছে বিশেষ গুৰুত্ব । মাঘ মাহ আহিলেই ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা যায় কিছুমান বিশেষ উৎসৱ Maghi Purnima Mela commences across Assam) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে অবিভক্ত কামৰূপ জিলাৰ সত্ৰ, নামঘৰ বা মন্দিৰসমূহত সবাহ মহোৎসৱ আয়োজন কৰা পৰিলক্ষিত হয় ।
বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কামৰূপৰ বাইহাটা চাৰিআলিত দেখা গ’ল সবাহ মহোৎসৱ আয়োজনৰ দৃশ্য । বাইহাটা চাৰিআলিৰ দ্বিগুণপাৰৰ লেজাত পালন কৰা হ’ল মাঘী পূৰ্ণিমা উৎসৱ, য’ত অগনন ভক্তৰ সমাগম পৰিলক্ষিত হয় ৷
উল্লেখ্য যে, মাঘ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিৰ দিনা অনুষ্ঠিত হয় এই ধৰ্মীয় মহোৎসৱ । দিনটো উপবাসে থাকি ভক্তিসকলে সেৱা আগবঢ়ায় নেদেখাজনক । মাঘী পূৰ্ণিমা মহোৎসৱৰ কাৰ্যসূচীত ত্ৰিজ্যোতি প্ৰজ্বলন কৰি সেৱা আগবঢ়ালে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷
একে ধৰণে হৰিনামৰ ধ্বনিৰে উখল-মাখল হৈ উঠিল কলিয়াবৰৰ ভড়ালী নামঘৰ প্ৰাংগন ৷ প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষতো ভঁড়ালী নামঘৰত পালন কৰা হয় মাঘী পূৰ্ণিমা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগমৰে উদুলি-মুদুলি হৈ পৰিছে ভঁড়ালী নামঘৰ প্ৰাংগন । পুৱাৰ পৰাই নাম-প্ৰসংগ, ভক্তি আৰাধনাৰে মুখৰিত হৈ পৰে ভড়ালী নামঘৰ ।
লগতে পঢ়ক : Ali Ai Ligang : ফাগুণৰ বোকোচাত উঠি আহিল হেঁপাহৰ লৃগাং