ETV Bharat / state

সোমবাৰে মদনপুৰ টোল গে'টত দেখা গ’ল তীব্ৰ যানজঁট

author img

By

Published : Feb 15, 2021, 5:28 PM IST

মদনপুৰ টোল গে'টত যানজঁটে হাৰাশাস্তি ভোগাইছে যাত্ৰীক । যানজঁটৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি টোল গে'টতে আৱদ্ধ হৈ পৰে বহু যানবাহন ।

সোমবাৰে মদনপুৰ টোল গে'টত তীব্ৰ যানজঁট
সোমবাৰে মদনপুৰ টোল গে'টত তীব্ৰ যানজঁট

বাইহাটা, ১৫ ফেব্ৰুৱাৰী: সোমবাৰে বাইহাটাৰ মদনপুৰ টোল গে'টত তীব্ৰ যানজঁট । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা যাত্ৰীসকলে প্ৰতিদিনে মদনপুৰ টোল গে'ট পাৰ হোৱাৰ সময়ত হাৰাশাস্তি ভূগিবলগীয়া হয় ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ নিয়ম অনুসৰি কৰ সংগ্ৰহৰ নামত এখন বাহনে তিনি মিনিটতকৈ অধিক সময় টোল গে'টত ৰ'ব নালাগে । কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সকলো নিয়ম ধোঁৱচাঙত তুলি দি মদনপুৰ টোল গে'ট কৰ্মচাৰীয়ে কৰ সংগ্ৰহৰ নামত অতিষ্ঠ কৰিছে যাত্ৰীক ।

সোমবাৰে মদনপুৰ টোল গে'টত তীব্ৰ যানজঁট

সোমবাৰৰ পৰা টোল গে'ট পাৰ হ'বলৈ ফাষ্টটেগ বাধ্যতামূলক কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । ইয়াৰ বাবেও মদনপুৰ টোল গে'টত সৃষ্টি হৈছে অভাৱনীয় যানজঁট । ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি টোল গে'টতে আৱদ্ধ হৈ পৰে বহু যান-বাহন ।

আনহাতে, একাংশ যাত্ৰীয়ে অভিযোগ উত্থাপন কৰে যে, প্ৰতিদিনে মদনপুৰ টোল গে'টত এনেদৰে যানজঁটৰ সৃষ্টি হয় আৰু ৰোগীকে ধৰি আন যাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ।

লগতে পঢ়ক:চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও বাণিজ্য সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.