ETV Bharat / state

লক ডাউনঃ কামৰূপৰ শিঙিমাৰীত পথাৰতে নষ্ট ৰবিশস্য - Lock Down

কামৰূপৰ শিঙিমাৰীত লক ডাউনৰ ফলত পথাৰতে নষ্ট হৈছে পাচলি খেতি । লক ডাউনৰ ফলত কৃষকৰ সকলো সপোন মাটিত বিলিন হোৱাৰ উপক্ৰম হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷

Lock Down Effect on pamkin farming
ৰঙালাও খেতি
author img

By

Published : Apr 9, 2020, 3:18 PM IST

আমিনগাঁও,9 এপ্ৰিলঃ কামৰূপ জিলাৰ অন্যতম কৃষি প্ৰধান গাঁও শিঙিমাৰী ৷ থলুৱা লোকসকলে থলুৱা ভাৱে কৰা ৰবিশস্যৰ বাবে অসমৰ ভিতৰতে বিখ্যাত শিঙিমাৰী ৷ গুৱাহাটী মহানগৰীৰ প্ৰায় ২০ শতাংশ বজাৰৰ চাহিদা পূৰণ কৰে শিঙিমাৰীৰ পৰা অহা পাচলিয়ে ৷ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২০ হাজাৰ বিঘা মাটিত লাও,বেঙেনা,পানীলাও,তিঁয়হ,তিতা কেৰেলা,জলকীয়া,বিলাহীৰ লগতে ধনীয়া আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হয় ৷ বৰ্তমান সময় এই শস্যসমূহ বিক্ৰী কৰাৰ উৎকৃষ্ট সময় যদিও কৰ’ণা মহামাৰীৰ ফলত জাৰি কৰা লক ডাউনে ছাৰখাৰ কৰি পেলায় কৃষকসকলৰ সপোন ৷

লক ডাউনৰ প্ৰভাৱত নষ্ট ৰবিশস্য

দিন-ৰাতি একাকাৰ কৰি উৎপন্ন কৰা এই পাচলিসমূহ বজাৰত বিক্ৰী কৰিব নোৱাৰি দিকবিদিক হেৰুৱাইছে অঞ্চলটোৰ কৃষকসকলে ৷ বহুসংখ্যক কৃষকে গাঁঠিৰ ধন ভাঙি আৰু একাংশই ঋণ লৈ এই খেতি কৰিছিল ৷ বৰ্তমান কৰ’ণা ভাইৰাছৰ আতংক, লক ডাউন আদি বিভিন্ন সমস্য়াত জৰ্জৰিত কৃষকসকলে হতাশাত ভাগি পৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ লক ডাউনঃ খেতিপথাৰতে নষ্ট হৈছে কৃষকৰ ফচল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.