ETV Bharat / state

ৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ - locals of rangia allege corruption in road construction

ৰঙিয়াত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি (corruption) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ ফলতে পথটো জহি-খহি যোৱাৰ উপক্ৰম হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ চৰকাৰ তথা লোক নিৰ্মাণ বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷

corruption-in-road-making-in-rangia
ৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ
author img

By

Published : Jun 22, 2021, 10:32 AM IST

ৰঙিয়া,22 জুন: ৰাজ্যত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱা ঘটনা নতুন হয় ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায় ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে কামৰূপ (kamrup district) জিলাৰ ৰঙিয়াত ৷ অভিযোগ অনুসৰি, ৰঙিয়াৰ দক্ষিণ বৰদলত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷

ৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

উল্লেখযোগ্য যে, পথ নিৰ্মাণৰ কিছুদিন পাচতে চপৰা চপৰে গড়কাপ্তানী পথ খহাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে । অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা বাবে পথ নিৰ্মাণ সম্পূৰ্ণ নহওতেই গড়কাপ্তানী পথটো জহি খহি গৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । সম্প্ৰতি অঞ্চলটোৰ ৰাইজ পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৷

স্থানীয় ৰাইজৰ অভিযোগ দীৰ্ঘদিনীয়া সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটোৱে বহু অপেক্ষাৰ অন্তত লোক নিৰ্মাণ বিভাগৰ পৰা পথটো লাভ কৰিছিল । কিন্তু, ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে পথতো নিৰ্মাণৰ কিছু দিনৰ পাচতে চপৰা-চপৰে খহি গৈছে । উপায়ন্তৰ হৈ স্থানীয় ৰাইজে পথটো নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷

কেইটামান টকাৰ বাবে ঠিকাদাৰে পথ নিৰ্মাণৰ নামত কৰা দুৰ্নীতিৰ বাবে ৰাইজে আকৌ দুৰ্ভোগ ভুগিব লাগিব বুলি আশংকা কৰি স্থানীয় ৰাইজে দ্বিতীয় বাৰৰ বাবে ৰাজ্যৰ শাসনৰ ভাৰ লোৱা বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বন জনাইছে ৷

শাসনৰ গাদী দখল কৰিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে ৰাজ্যবাসীক ৷ এতিয়া ব্যাপক অনিয়ম সংঘটিত কৰি নিৰ্মাণ কৰা পথটোৰ ঠিকাদাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া প্ৰত্যক্ষ কৰিবলৈ ৰঙিয়াৰ দক্ষিণ বৰদলবাসীয়ে অপেক্ষা কৰিছে ৷

উল্লেখ্য যে, আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে ব্যাপক অনিয়ম আৰু নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি একাংশ ঠিকাদাৰে পথ নিৰ্মাণ কৰি আহিছে ৷ যাৰ ফলত নিৰ্মাণৰ কিছু দিনৰ পাচতে পথবোৰ চপৰা-চপৰে খহিবলৈ ধৰে ৷ এনেদৰে পথসমূহ নিৰ্মাণ কৰাৰ ফলত সাধাৰণ জনতাই যমৰ যাতনা ভোগ কৰিবলগীয়া হয় ৷ সেয়হে এই ক্ষেত্ৰত নজৰ ৰাখিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

লগতে পঢ়কঃ বিলাসীপাৰাত জব্দ 4 হাজাৰ লিটাৰ নীলা কেৰাচিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.