ETV Bharat / state

কোভিড-19ৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ত যুঁজিবলৈ সাজু বৰঝাৰ বিমানবন্দৰ

কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ দ্বিতীয় পৰ্যায়ত সাজু হৈ উঠিছে বৰঝাৰ বিমানবন্দৰ ৷ লক ডাউনৰ পিছতে বিমানবন্দৰত পুনৰ পূৰ্বৰ দৰে যাত্ৰীয়ে অহা-যোৱা কৰিব পৰাকৈ বিমানবন্দৰ কৰ্তৃপক্ষই সামাজিক দুৰত্বৰ প্ৰতি লক্ষ্য ৰাখি ১ মিটাৰৰ ব্যৱধানত চিহ্ন অংকণ কৰিছে । এই চিহ্নত থিয় দি যাত্ৰীসকলে সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব। ইয়াৰোপৰি NDRF বাহিনীয়েও বিমানবন্দৰৰ বাহিৰ আৰু ভিতৰচৰাত প্ৰতিদিনে চেনিটাইজ কৰা পৰিলক্ষিত হৈছে ।

কোভিড-19ৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ত যুঁজিবলৈ সাজু বৰঝাৰ বিমানবন্দৰ
কোভিড-19ৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ত যুঁজিবলৈ সাজু বৰঝাৰ বিমানবন্দৰ
author img

By

Published : Apr 16, 2020, 1:40 PM IST

কামৰূপ, 16 এপ্ৰিল : মহামাৰী কৰ'ণাক লৈ সমগ্ৰ বিশ্ব সষ্টম হোৱাৰ সময়তে প্ৰথম পৰ্যায়ৰ সতৰ্কতাৰ পিছত এইবাৰ কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ দ্বিতীয় পৰ্যায়ত সাজু হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ । প্ৰথম পৰ্যায়ত যাত্ৰীসকলক স্ক্ৰীনিং কৰাৰ লগতে বিমানবন্দৰতে দিয়া হৈছিল মাস্ক । দেশত অব্যাহত থকা লক ডাউনৰ ফলত বিমানসেৱা স্থগিত হৈ আছে যদিও জৰুৰীকালীন সেৱাৰ বিমান চলাচল হৈ আছে ।

কোভিড-19ৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ত যুঁজিবলৈ সাজু বৰঝাৰ বিমানবন্দৰ

লক ডাউনৰ পিছতে বিমানবন্দৰত পুনৰ পূৰ্বৰ দৰে যাত্ৰীয়ে অহা-যোৱা কৰিব পৰাকৈ দ্বিতীয় পৰ্যায়ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষই । বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ সামাজিক দুৰত্বৰ প্ৰতি লক্ষ্য ৰাখি ১ মিটাৰৰ ব্যৱধানত বনোৱা হৈছে চিহ্ন । এই চিহ্নত থিয় দি যাত্ৰীসকলে বজাই ৰাখিব লাগিব সামাজিক দুৰত্ব । লগতে NDRF বাহিনীয়েও কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বিমানবন্দৰৰ বাহিৰ আৰু ভিতৰচ'ৰাত দৈনিক চেনিটাইজ কৰি আহিছে । ৰাণীস্থিত বিএছএফৰ মুখ্য কাৰ্যালয়ৰ অধীনত থকা প্ৰথম NDRF বাহিনীয়ে বিমানৰ বাবে তেল কঢ়িওৱা বাহন আৰু বিমানবন্দৰৰ সকলো সামগ্ৰী তথা দুৱাৰ বা ভিতৰচ'ৰাত চেনিটাইজ কৰিছে ।

লগতে পঢ়ক : ঘৰতে থাকি বিহু উদযাপন কৰাৰ আহ্বান অভিনেত্ৰী মাধুৰীমা চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.