কামৰূপ,৮ মাৰ্চ: ৰাজ্যত অব্য়াহত আছে ভূ-মাফিয়া আৰু দালাল চক্ৰৰ দপদপনি । পুনৰ কামৰূপৰ খিলঞ্জীয়াৰ ভূমিত শেনচকু বহিৰাগত বণিয়াৰ । যি সময়ত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নামনি অসমৰ বঙাইগাঁৱলৈকে উদ্যোগ স্থাপনৰ বাবে কোনো ঠাই নাই বুলি ঘোষণা কৰি আহিছে আৰু টিহুত মেগা ফুড পাৰ্কত উদ্যোগ স্থাপনৰ বাবে বৰ্তমানেও বহু ঠাই খালী হৈ থকাৰ পাচতো, বহিৰাগত বণিয়াই উদ্যোগ স্থাপন নকৰি অসমৰ থলুৱা ভূমিত চকু দি ভূ-মাফিয়াৰ সহযোগত হস্তক্ষেপ কৰি উদ্যোগ স্থাপনৰ যো-জা চলাইছে । বহিৰাগত বণিয়া আৰু একাংশ দালাল চক্ৰৰ দপদপনি দেখা গ'ল কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ আজাৰা গাঁৱত ।
আজাৰা গাঁৱৰ কৃষিভূমি বহিৰাগত বণিয়াই ক্ৰয় কৰি উদ্যোগ স্থাপনৰ যো-জা চলাইছে । উক্ত গাঁৱখনত একাংশ স্থানীয় দালালৰ সহযোগত ভূমি ক্ৰয়ৰ প্ৰক্ৰিয়া চলাই স্থানীয় লোকৰ ভূমি হস্তান্তৰ নকৰাকৈ কোম্পানী নিৰ্মাণৰ কাম বণিক গোষ্ঠীয়ে আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলস্বৰূপে ভূমিৰ গৰাকীয়ে বন্ধ কৰি দিয়ে প্ৰৱেশ পথ । ভূমিৰ গৰাকীৰ অভিযোগ অনুসৰি, তেওঁলোকৰ অজ্ঞাতে পৈত্ৰিক ভূমি বেদখল কৰিছে কোম্পানীৰ গৰাকীয়ে । তেওঁলোকৰ দাবী ভূমি বিবাদ নিষ্পত্তি নোহোৱা পৰ্য্যন্ত বন্ধ থাকিব লাগিব উদ্যোগ নিৰ্মাণৰ কাম ।
লগতে পঢ়ক: নিৰ্বাচনী কাম-কাজ পৰিদৰ্শনৰ বাবে বিশ্বনাথত বিশেষ গোট গঠন