ETV Bharat / state

ৰঙিয়াত সাপ্তাহিক মহিলা বজাৰ উদ্বোধন - Weekly ladies market opening by minister bhabesh kalita

পালাৰাত বুধবাৰে উদ্বোধন কৰা হয় সাপ্তাহিক মহিলা বজাৰ ৷ বজাৰখন উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মহিলাসকল আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে ৷

ৰঙিয়াত বুধবাৰে
মহিলাসকল আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতি গুৰুত্ব মন্ত্ৰী কলিতাৰ
author img

By

Published : Jan 8, 2020, 9:19 PM IST

ৰঙিয়া,8 জানুৱাৰীঃ ৰঙিয়াৰ পালাৰাত বুধবাৰে উদ্বোধন কৰা হয় সাপ্তাহিক মহিলা বজাৰ ৷ উক্ত বজাৰখনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে এক ভোগালী মেলা ৷ মেলাখন উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মহিলাসকল আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে ৷ ৰাষ্ট্ৰীয় গ্ৰামীণ মহিলা বিকাশ যোজনাৰ অধীনত ত্ৰিৰংগা মণ্ডল পৰ্যায়ৰ সংগঠন ৰঙিয়া খণ্ড অভিযান প্ৰবন্ধন গোটৰ সহযোগত অনুষ্ঠিত হয় উক্ত মেলাখন ৷

মহিলাসকল আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতি গুৰুত্ব মন্ত্ৰী কলিতাৰ

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভোগালী মেলাখনত ৰঙিয়া উন্নয়ন খণ্ডৰ জয়ন্তীপুৰ, বড়িগোগ, ডিমু-ডোবক আৰু পদুমকুঁৱৰী গাঁও পঞ্চায়তৰ শতাধিক আত্মসহায়ক গোটৰ মহিলাই অংশগ্ৰহণ কৰে ৷ ইফালে পালাৰা মৈহাটী বজাৰগৃহত প্ৰতি বৃহস্পতিবাৰে মহিলা বজাৰখন বহিব বুলি খণ্ড আঁচনি প্ৰবন্ধক ত্ৰিবেণী দাসে উপস্থিত ৰাইজক জানিবলৈ দিয়ে ৷ লগতে অসমৰ ৰাইজে বৰ্তমান উন্নয়ন বিচাৰে,পথৰ আন্দোলন নিবিচাৰে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ভবেশ কলিতাই ৷

লগতে চাওকঃ ব্যতিক্ৰমী পন্থাৰে ডুমডুমাত সাব্যস্ত কা বিৰোধী প্ৰতিবাদ

Intro:ৰঙিয়া পালাৰাত উদ্বোধন সাপ্তাহিক মহিলা বজাৰৰBody:অসমৰ ৰাইজে এতিয়া উন্নয়ন বিচাৰে, পথৰ আন্দোলন নিবিচাৰে; এই মন্তব্য মন্ত্ৰী ভবেশ কলিতাৰ। দক্ষিণ ৰঙিয়াৰ ডিমু পালাৰাত আজি সাপ্তাহিক মহিলা বজাৰ আৰু ভোগালী মেলা উদ্বোধন কৰি মন্ত্ৰী ভৱেশ কলিতাই ৰাজ্যৰ মহিলা সকলক আত্মনিৰ্ভৰশীল কৰাত গুৰুত্ব প্ৰদান কৰে। ৰাষ্ট্ৰীয় গ্ৰামীণ মহিলা বিকাশ যোজনাৰ অধীনত ত্ৰিৰংগা মণ্ডল পৰ্যায়ৰ সংগঠন ৰঙিয়া খণ্ড অভিযান প্ৰবন্ধন গোটৰ সহযোগত অনুষ্ঠিত উক্ত মহিলা বজাৰ আৰু দুদিনীয়া ভোগালী মেলাত ৰঙিয়া উন্নয়ন খণ্ডৰ জয়ন্তীপুৰ, বড়িগোগ, ডিমু ডোবক আৰু পদুম কুঁৱৰী গাঁও পঞ্চায়তৰ শতাধিক আত্মসহায়ক গোটৰ মহিলা সকলে অংশগ্ৰহণ কৰে। পালাৰা মৈহাটী বজাৰ গৃহত প্ৰতি বৃহস্পতিবাৰে উক্ত মহিলা বজাৰখন অনুষ্ঠিত হ'ব বুলি খণ্ড আঁচনি প্ৰবন্ধক ত্ৰিবেনী দাসে জনায়।
Bite:- ভবেশ কলিতাConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.