ETV Bharat / state

ৰঙিয়াত শ্ৰমিক-কৃষক সমাৱেশ

কামৰূপ জিলাৰ ৰঙিয়াৰ ঈদগাহ ময়দানত অনুষ্ঠিত হৈছে শ্ৰমিক-কৃষক সমাৱেশ । বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত অনুষ্ঠিত হয় এই সমাৱেশ ।

author img

By

Published : Feb 9, 2021, 3:11 PM IST

ৰঙিয়াত শ্ৰমিক-কৃষক সমাবেশ
ৰঙিয়াত শ্ৰমিক-কৃষক সমাবেশ

ৰঙিয়া,৮ ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ ৰঙিয়াৰ ঈদগাহ ময়দানত অনুষ্ঠিত হৈছে শ্ৰমিক-কৃষক সমাৱেশ । বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত এই সমাৱেশ । এই সমাৱেশত কামৰূপ জিলাৰ শ শ কৃষক আৰু শ্ৰমিকসকলে অংশগ্ৰহণ কৰে ।

এই সভাত কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আৰু কৃষক বিৰোধী আইন প্ৰৱৰ্তন কৰি দেশৰ কৃষক সমাজক সৰ্বনাশৰ পথলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰাৰ লগতে আশা কৰ্মী, অংগনবাদী কৰ্মী, সহায়িকা, মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কৰ্মী আদিক আঁচনিভূক্ত কৰি শ্ৰমিকসকলক প্ৰাপ্য মজুৰি আৰু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ দাবী জনায় । বিজেপি চৰকাৰৰ দিনত সাধাৰণ জনতাই জীৱন নিৰ্বাহ কৰাটো একপ্ৰকাৰ কঠিন হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰে ।

ৰঙিয়াত শ্ৰমিক-কৃষক সমাবেশ

ইফালে সমাগত নিৰ্বাচনত মহাজোঁট বন্ধনে পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰা বিজেপি দলক পৰাভূত কৰিবলৈ সক্ষম হ'ব বুলিও কয় সভাত উপস্থিত নেতাসকলে । সমাৱেশত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট বামপন্থী নেতা হেমেন দাস, টিকেন দাস, দেৱেন ভট্টাচাৰ্য আদি । ইয়াৰোপৰি সমাৱেশত বিবেকানন্দ অধিকাৰী, কৌশিক চৌধুৰীৰ লগতে কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.