ETV Bharat / state

অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন ৰঙিয়াৰ এজন যুৱকৰ - kidnapping case in rangia

যোৱা ৭ এপ্ৰিলত ৰঙিয়াৰ সীতাৰাৰ পৰা তিনিজনীয়া দুৰ্বৃত্তৰ দলে অপৰহণ কৰিছিল উত্তম ঘোঁচ নামৰ যুৱকজনক । কোকৰাঝাৰত ১৭ দিনে আবদ্ধ কৰি ৰাখিছিল উত্তম ঘোঁচক । কোনোমতে অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হয় উত্তম ঘোঁচ ।

অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন ৰঙিয়াৰ এজন যুৱকৰ

author img

By

Published : Apr 27, 2021, 6:50 PM IST

ৰঙিয়া, ২৭ এপ্ৰিল: অসমত এটাৰ পিছত আন এটা অপহৰণৰ ঘটনা সংঘটিত হৈ আহিছে । একে ধৰনে ৰঙিয়াতো কেইদিনমান পূৰ্বে সংঘটিত হয় এক অপহৰণৰ ঘটনা ৷ পিছে এইবাৰ অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰে ৰঙিয়াৰ এজন অপহৃত যুৱকে । কেমেৰাৰ সন্মুখত অপহৰণৰ ঘটনা বৰ্ণনা কৰিলে ভুক্তভোগী যুৱকজনে ।

উল্লেখ যে যোৱা ৭ এপ্ৰিলত ৰঙিয়াৰ সীতাৰাৰ পৰা অপৰহণ কৰিছিল উত্তম ঘোঁচ নামৰ যুৱকজনক । তিনিজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি কোকৰাঝাৰলৈ নিছিল উত্তম ঘোঁচক । কোকৰাঝাৰত ১৭ দিনে আবদ্ধ কৰি ৰাখিছিল উত্তম ঘোঁচক । পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰো দাখিল কৰিছিল ৰঙিয়া থানাত ।

অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন ৰঙিয়াৰ এজন যুৱকৰ

আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছিল যদিও কোনো শুংসূত্ৰই উলিয়াব পৰা নাছিল উত্তমৰ । অৱশেষত কোনোমতে অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হয় উত্তম ঘোঁচ । কিন্তু কি কাৰণত অপহৰণ কৰিছিল দৰিদ্ৰ পৰিয়ালৰ উত্তম ঘোঁচক, সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।

লগতে পঢ়ক:বিগত ৫ দিনত কোকৰাঝাৰত তিনি গৰাকী কৰ'ণা আক্ৰান্তৰ বিয়োগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.