গুৱাহাটী,19 ছেপ্তেম্বৰ : ৰাজ্যৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা চাহপাতৰ মূল্য হ্ৰাস পোৱাত গভীৰ সংকটত পৰিছে চাহপাত উদ্যোগৰে জড়িত লোকসকল ৷ শেহতীয়াকৈ 15 ছেপ্তেম্বৰৰ দৰ হিচাপত বিগত বৰ্ষৰ তুলনাত প্ৰতি কেজি চাহপাতৰ মূল্য 75.2 টকালৈ হ্ৰাস পাইছে ৷ বৰ্তমান গড় হিচাপত চাহপাতৰ মূল্য হৈছে প্ৰতি কিলোগ্ৰামত 193.79 টকা ৷ বিগত বৰ্ষৰ তুলনাত 75.2 টকা হ্ৰাস পালে ৷ চাহপাতৰ মূল্য হ্ৰাস পোৱাৰ সন্দৰ্ভত গুৱাহাটী চাহ নিলাম ক্ৰেতা সংঘৰ সম্পাদক দীনেশ বিহানীয়ে জনালে সবিশেষ তথ্য ৷
তেওঁ কয় যে, বিগত বৰ্ষত জানুৱাৰীৰ পৰা জুলাইলৈ অসমত 223.32 মিলিয়ন কিলোগ্ৰাম চাহপাত উৎপাদন হৈছিল ৷ তাৰ তুলনাত এইবছৰ 282.56 মিলিয়ন কিলোগ্ৰাম চাহপাত উৎপাদন হৈছে ৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ 26.53 মিলিয়ন কেজি উৎপাদন বৃদ্ধি হৈছে ৷ এইবাৰ ক'ভিডত চাহ বাগানৰ কাম-কাজ বন্ধ নোহোৱাৰ বাবে উৎপাদন বৃদ্ধি হৈছে ৷ তেওঁ কয় যে, উৎপাদন বৃদ্ধি হৈছে যদিও চাহপাতৰ বিক্ৰী তথা চাহিদা হ্ৰাস পালে ৷
কাৰ্ফিউৰ বাবে ব্যৱসায়-বাণিজ্য বন্ধ থকাৰ লগতে ক'ভিড পৰিস্থিতিৰ বাবে মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চাহপাতৰ উৎপাদন বৃদ্ধি হ'ল যদিও ব্যৱসায় বৃদ্ধি নহ'ল ৷ যাৰবাবে চাহপাতৰ মূল্য হ্ৰাস পালে ৷ ইয়াৰ ফলত ৰাজ্যৰ চাহ উদ্যোগটো প্ৰভাৱিত হৈছে ৷ বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল ক্ষতিগ্ৰস্ত হৈছে ৷
উল্লেখ্য যে, এপ্ৰিল-মে' মাহত কেঁচা চাহপাতৰ মূল্য আছিল প্ৰতি কেজিত 40 টকা ৷ এতিয়া হ্ৰাস পাই 20-25 টকা হৈছে ৷ অসমত দুই লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু অসমৰ মুঠ চাহ উৎপাদনৰ 50 ৰ পৰা 55 শতাংশ বৰঙণি এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে আগবঢ়ায় ৷ বৰ্তমান সময়ত অসমত চাহ উৎপাদনৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলে ভূমিকা উল্লেখযোগ্য ৷ তেওঁ কয় যে, অসমৰ চাহ উদ্যোগটোৰ লগত প্ৰত্যক্ষভাৱে প্ৰায় 8 লাখ লোক জড়িত হৈ আছে ৷
আনহাতে, অসমৰ উৎপাদিত মুঠ চাহপাতৰ 50 শতাংশ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ যোগেদি বিক্ৰী হয় ৷ বৰ্তমান সময়ত বিক্ৰী যথেষ্ট কমিছে ৷ বিগত বৰ্ষত চাহ নিলাম কেন্দ্ৰৰ যোগেদি 195 মিলিয়ন কেজি চাহপাত বিক্ৰী হৈছিল ৷ এইবাৰ বিক্ৰী প্ৰায় 30 শতাংশ কমিছে ৷ ভাৰতৰ ভিতৰত অসমতে সৰ্বাধিক চাহপাত উৎপাদন হয় ৷ দেশৰ 65 শতাংশ চাহপাত অসমতে উৎপাদন হয় ৷ বহুকেইটা কাৰণত চাহপাতৰ মূল্য হ্ৰাস পাইছে ৷
তেওঁ কয় যে, ভাৰতীয় লোকৰ চাহ গ্ৰহণ কৰাৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱাৰ উপৰি ৰপ্তানি পৰিমাণ হ্ৰাস পাইছে ৷ পাকিস্তান, ইৰান, ইৰাক আদি ৰাষ্ট্ৰত চাহপাতৰ ৰপ্তানি হোৱা নাই ৷ ইফালে কেনিয়া, শ্ৰীলংকা আদি ৰাষ্ট্ৰৰ চাহপাতৰ মূল্য যথেষ্ট কম হৈছে ৷ ফলত ভাৰতীয় চাহৰ ৰপ্তানি কমি গৈছে ৷ আনহাতে এজন ভাৰতীয়ই বছৰি গড়ে 800 গ্ৰাম চাহপাত গ্ৰহণ কৰে ৷ যিটো পাকিস্তানকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ তুলনাত যথেষ্ট কম ৷ চাহপাতৰ ৰপ্তানিকে ধৰি বিভিন্ন দিশত চৰকাৰে গুৰুত্ব দিব লাগিব ৷ অন্যথা এই বৃহৎ উদ্যোগটোৱে অনাগত দিনত আৰু অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি তেওঁ কয় ৷
লগতে পঢ়কঃ বিমান বন্দৰৰ বিষয়া-কর্মচাৰী সকলৰ আবাসিক ক্ষেত্রৰ লগ কি সম্পৰ্ক আদানিৰ ?