গুৱাহাটী, 17 আগষ্টঃ প্ৰকাশন গোষ্ঠী সাদিন-প্ৰতিদিন গোষ্ঠীৰ বিৰুদ্ধে মহানগৰীত ৰুজু হৈছে পৃথকে পৃথকে মানহানিৰ গোচৰ ৷ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তৰ লগতে তেওঁৰ পত্নী তথা আৰক্ষী বিষয়া ইন্দ্ৰানী বৰুৱাই পৃথকে পৃথকে ৰুজু কৰিছে মানহানিৰ গোচৰ ৷ দুশ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰাৰ লগতে ৰুজু কৰিছে দুটাকৈ ফৌজদাৰি গোচৰ ৷
চুপাৰী ছিণ্ডিকেটৰ সৈতে জড়িত থকা বুলি আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে সংবাদ প্ৰকাশ কৰিছিল প্ৰকাশন গোষ্ঠীটোৱে ৷ পৰৱৰ্তী সময়ত প্ৰকাশন গোষ্ঠীটোক প্ৰত্যাহ্বান জনাই চুপাৰী ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ প্ৰমান দিব পাৰিলে আৰক্ষী বিভাগৰ চাকৰি ত্যাগ কৰিব বুলি কয় পাৰ্থসাৰথি মহন্তই ৷ কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পাৰ্থসাৰথি মহন্তই ৰুজু কৰা ফৌজদাৰী মানহানি গোচৰৰ ভিত্তিত অসমীয়া প্ৰতিদিন-সাদিন গোষ্ঠীক আৰক্ষীৰ বিৰুদ্ধে মানহানিকাৰক বাতৰি সম্প্ৰচাৰ নকৰিবলৈ নিৰ্দেশনা দিয়া বুলি প্ৰকাশ কৰে মহন্তই ৷ চুপাৰী ছিণ্ডিকেট সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানাত
311/19নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 120B/109/420/409 ধাৰাত এক গোচৰ ৰুজু কৰি কামৰূপ আৰক্ষীয়ে তদন্ত চলাই থকা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷