ETV Bharat / state

বকোৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কামৰূপ (গ্ৰাম্য) জিলা উপায়ুক্তৰ

author img

By

Published : May 28, 2020, 11:38 AM IST

কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত প্ৰত্যেক বিধান সভা সমষ্টিতে একোটাকৈ কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা যো-জা চলোৱা হৈছে ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক পৰীক্ষা-নিৰীক্ষাৰ কৰাৰ পিছত ফলাফল নহা পৰ্যন্ত কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত ৰখাৰ ব্যৱস্থা কৰা হ'ব ৷

Kamrup (Rural)district DC visits Boko quarantine center
বকোৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কামৰূপ (গ্ৰাম্য) জিলা উপায়ুক্তৰ

বকো,28মে': বুধবাৰে বিয়লি বকোত উপস্থিত হয় কামৰূপ (গ্ৰাম্য) জিলাৰ নৱনিযুক্ত উপায়ুক্ত কৈলাশ কাৰ্তিক এন ৷ পোনপ্ৰথমবাৰৰ বাবে বকোত উপস্থিত হৈ উপায়ুক্তগৰাকীয়ে কৰ'ণা মহামাৰীৰ প্ৰতিৰোধৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে বাচনি কৰা বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয় পৰ্যবেক্ষণ কৰে ৷ ইপিনে সাংবাদিকৰ আগত উপায়ুক্ত গৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে, কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত প্ৰত্যেক বিধান সভা সমষ্টিতে একোটাকৈ কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা যো-জা চলোৱা হৈছে ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক পৰীক্ষা-নিৰীক্ষাৰ কৰাৰ পিছত ফলাফল নহা পৰ্যন্ত কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত ৰখাৰ ব্যৱস্থা কৰা হ'ব ৷ ইতিমধ্যে বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ 100 খন বিচনাযুক্ত কোৱাৰেণ্টাইন কেন্দ্ৰটোত প্ৰয়োজনীয় সকলো সা-সুবিধা গঢ়ি তোলাৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হ'ব বুলিও জানিবলৈ দিয়ে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ।

আনহাতে, এই পৰ্যবেক্ষণ কালত উপায়ুক্তগৰাকীৰ সৈতে উপস্থিত থাকে বকো ৰাজহ চক্ৰ বিষয়া পিংকী দত্ত, ছমৰীয়া ৰাজহ চক্ৰ বিষয়া অদিতী গগৈ সহ বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মন ।

লগতে পঢ়কঃধুবুৰীত আৰম্ভ ভ্ৰাম্যমাণ ডাক সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.