ETV Bharat / state

বকোৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কামৰূপ জিলা প্ৰশাসনৰ অতৰ্কিত অভিযান - কামৰূপ

দক্ষিণ কামৰূপত সঘনাই হৈ থকা পথ দুৰ্ঘটনাৰ পিছতে নিশা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযানত নামিল পৰিবহন বিভাগ-প্ৰশাসন-আৰক্ষীৰ বৃহৎ দল ।

37 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযানত নামিল পৰিবহন বিভাগ-প্ৰশাসন-আৰক্ষীৰ বৃহৎ দল
author img

By

Published : Oct 23, 2019, 6:36 AM IST

কামৰূপ,22 অক্টোবৰঃ দক্ষিণ কামৰূপৰ বকোত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হিন্দুস্থান পেট্ৰলিয়ামৰ তেল ডিপোৰ ওচৰত মংগলবাৰে নিশা হঠাত কামৰূপ জিলা প্ৰশাসনে অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ শৰ্মাৰ নেতৃত্বত কামৰূপ জিলা প্ৰশাসন, পৰিবহণ বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত কেইবাখনো বাহন জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে শেহতীয়াকৈ মিৰ্জা আৰু বামুণীগাঁৱত সংঘটিত হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৯ জনকৈ লোকৰ মৃত্যু হৈছে । এই সকলো দুৰ্ঘটনাৰ মুলতে ট্ৰাক-ডাম্পাৰ দৌৰাত্ম বুলি জানিব পাৰি দুৰ্ঘটনা ৰোধৰ বাবে পথ সুৰক্ষা সমিতিৰ অতৰ্কিত অভিযান চলায় । অভিযানত বকো ৰাজহ চক্ৰ বিষয়া পিংকী দত্ত, বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মন আৰু চি আৰ পি এফ বাহিনীয়ে সহযোগিতা আগবঢ়ায় । জিলা প্ৰশাসনৰ অভিযান কালত, চিটবেল্ট পৰিধান নকৰা, সুৰাপান কৰি অহা আদি বিভিন্ন নিয়ম উলংঘা কৰাৰ বাবে কেইবাজনো ব্যক্তিয়ে সৰ্বমুঠ ২৩ হাজাৰ টকাৰ জৰিমনা ভৰিবলগীয়া হয় । ইয়াৰোপৰি পৰিবহন বিভাগে ১৮ খন গাড়ীৰ কাগজ-পত্ৰ জব্দ কৰাৰ লগতে ৩ খনকৈ ট্ৰাক জব্দ কৰে । উল্লেখযোগ্য যে, পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে পৰিবহন বিভাগৰ তালাচী অভিযান অব্যাহত থাকিব বুলি কামৰূপ (গ্ৰাম্য) অতিৰিক্ত উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে ৷

37 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযানত নামিল পৰিবহন বিভাগ-প্ৰশাসন-আৰক্ষীৰ বৃহৎ দল

আৰু পঢ়ক

Intro:Body:দক্ষিণ কামৰূপত সঘনাই হৈ থকা পথ দূৰ্ঘটনাৰ পিছতে নিশা ৰাষ্ট্ৰীয় ঘাইপথত নামিল পৰিবহন বিভাগ-প্ৰশাসন-আৰক্ষীৰ বৃহৎ দল।

দক্ষিণ কামৰূপৰ বকোত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত H.P তেল ডিপোৰ ওচৰত আজি নিশা হঠাতে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰি শংকৰ শৰ্মাৰ নেতৃত্বত কামৰূপ জিলা প্ৰশাসন, পৰিবহণ বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত কেইবাখনো বাহন জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক দূৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে মিৰ্জা আৰু বামুণীগাঁৱত সংঘটিত হোৱা দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হৈছে। এই সকলো দূৰ্ঘটনাৰ মুলতে ট্ৰাক-ডাম্পাৰ দৌৰাত্ম্য বুলি জানিব পাৰি দূৰ্ঘটনা ৰোধৰ বাবে পথ সুৰক্ষা সমিতিৰ অতৰ্কিত অভিযান চলায়। অভিযানত বকো ৰাজহ চক্ৰ বিষয়া পিংকী দত্ত, বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মন আৰু চি আৰ পি এফ বাহিনীয়ে সহযোগিতা আগবঢ়ায়।

অভিযান কালত, চিটবেল্ট পৰিধান নকৰা, সুৰাপান কৰি অহা আদি বিভিন্ন নিয়ম উলংঘা কৰাৰ বাবে সৰ্বমুঠ ২৩ হাজাৰ টকা জৰিমনা ভৰিব লগীয়া হয়। ইয়াৰোপৰি পৰিবহন বিভাগে ১৮ খন গাড়ীৰ কাগজ পত্ৰ জব্দ কৰাৰ লগতে ৩খনকৈ ট্ৰাক জব্দ কৰে। উল্লেখযোগ্য যে, পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে পৰিবহন বিভাগৰ তালাচী অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে কামৰূপ (গ্ৰাম্য) অতিৰিক্ত উপায়ুক্ত গৌৰি শংকৰ শৰ্মাই। Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.