ETV Bharat / state

Gunotsav 2022: বকোৰ বিদ্যালয়ত শিক্ষকৰ ৰূপত কামৰূপ গ্ৰাম্য জিলা উপায়ুক্ত - দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

ৰাজ্যত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বুধবাৰে তৃতীয়টো দিন (Second phase of Gunotsav)৷ গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি শিক্ষাদানত ব্ৰতী হৈ পৰিল কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন(Kamrup Rural DC attend Gunotsav 2022 at Boko) ৷ বকোৰ অসম মেঘালয় সীমান্তৰ লাম্পী হিমালয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ ৰূপত দেখা গ'ল উপায়ুক্তগৰাকীক ৷

kamrup-rural-dc-attend-gunotsav-2022
kamrup-rural-dc-attend-gunotsav-2022
author img

By

Published : May 25, 2022, 10:48 PM IST

গুৱাহাটী, 25 মে' : চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা পৰিচালিত 'গুণোৎসৱ'ৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত বুধবাৰে কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৰ অসমৰ অন্তিমখন প্ৰাথমিক বিদ্যায়ত শিক্ষকৰ ৰূপত দেখা গ'ল উপায়ুক্ত কৈলাশ কাৰ্তিক এনক (Kamrup(Rural) DC attend Gunotsav 2022)৷ বকোৰ পৰা ৪৫ কিলোমিটাৰ নিলগৰ আপাৰ লাম্পীস্থিত হিমালয়া প্ৰাথমিক বিদ্যালয়ত বুধবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুণোৎসৱ কাৰ্যসূচীৰ বাহ্যিক মূল্যায়ক হিচাপে পুৱা ৯ বজাত উপস্থিত হয় জিলা উপায়ুক্তগৰাকীয়ে ৷

উল্লেখ্য যে, মেঘালয়ৰ অগ্ৰাসনকলৈ সীমান্ত এলেকাত অশান্তময় পৰিবেশে প্ৰায়ে বিৰাজ কৰে ৷ এনে সময়তে কামৰূপ জিলাৰ উপায়ুক্তগৰাকীয়ে সীমান্ত এলেকাৰ ৰাইজক উৎসাহ জগোৱাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে আপাৰ লাম্পীৰ হৰ্ষনগৰস্থিত বকো শিক্ষাখণ্ডৰ অন্তৰ্গত হিমালয়া প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে ৷

ইফালে, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাহুল এচ জাবিৰৰ সৈতে বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশৰ বুজ লয় ৷ বিদ্যালয়খনৰ গুণোৎসৱৰ বৰ্হিঃ মূল্যায়ক তথা চুনাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মনিৰুজ জামানৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী, ৰাইজ তথা অভিভাৱক সকলৰ লগতো সামগ্ৰিক শিক্ষাগত উৎকৰ্ষতাৰ বুজ লৈ মত-বিনিময় কৰে উপায়ুক্তগৰাকীয়ে ।

বকোৰ বিদ্যালয়ত শিক্ষকৰ ৰূপত কামৰূপ গ্ৰাম্য জিলা উপায়ুক্ত

ইফালে, স্থানীয় অভিভাৱকৰ সৈতে মত বিনিময় কৰি আপাৰ লাম্পীৰ 'হিমালয়া প্ৰাথমিক বিদ্যালয়'ৰ লগতে কিছু নিলগৰ ল'ৱাৰ লাম্পীৰ 'ভানুভক্ত বিদ্যালয়'ৰ শ্ৰেণীকোঠা আৰু পানীৰ সমস্যাৰ বিষয়ে অৱগত হোৱাত বিদ্যালয় দুখনৰ এই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে উপায়ুক্তই ৷ বিদ্যালয়খনত ছাত্ৰ- ছাত্ৰীসকল শৈক্ষিক ক্ষেত্ৰত উৎসাহিত বুলি প্ৰকাশ কৰি লাম্পী এলেকাত এম ই আৰু হাইস্কুল নথকা হেতুকে এই সমস্যাৰো সমাধান কৰিবলৈ শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনে চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱ শীঘ্ৰেই কাৰ্যকৰী কৰা হ'ব বুলিও তেওঁ দোহাৰে ৷

ইয়াৰোপৰি জিলা উপায়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ অগ্ৰগতি সন্দৰ্ভত বুজ ল'বলৈ শিক্ষকৰ ৰূপত ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰায় ৷

ইফালে, জিলা উপায়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীৰ শাৰিৰীক তথা মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন খেল-ধেমালীৰ সৈতেও জড়িত হয় ৷ লগতে কামৰূপ জিলাৰ প্ৰশাসনিক মুৰব্বীয়ে বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী আৰু শিক্ষকৰ সৈতে একেলগে গ্ৰহণ কৰে মধ্যাহ্ন ভোজন ৷

লগতে পঢ়ক : Gunotsav 2022: আমগুৰিৰ বিদ্যালয়ত সাংসদ তপন কুমাৰ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.