বাইহাটা, 27 এপ্ৰিল : কামৰূপৰ চাংসাৰিত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট (Foreign cigarette seized at Changsari)। ভাৰতীয় ডাক বিভাগৰ বাহনৰ পৰা জব্দ কৰা হৈছে চিগাৰেটখিনি ।
কামৰূপ(গ্ৰাম্য) আৰক্ষীয়ে সদৰি কৰা অনুসৰি, এক গোপন খবৰৰ তথ্যৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত দুটা সঁজাতি দলে মদনপুৰৰ টোলগেটত চলাই তালাচী অভিযান ৷ এই অভিযানত আৰক্ষীয়ে জব্দ কৰে ভাৰতীয় ডাক বিভাগৰ এখন বিশেষ বাহন । তাৰ পাচতে আৰক্ষীৰ দল দুটাই জব্দ কৃত ডাক বিভাগৰ HR 55 L 8802 নম্বৰৰ পাৰ্চেল ভেনখন লৈ আহে চাংসাৰি থানালৈ ৷
পৰৱৰ্তী পৰ্যায়ত দণ্ডাধীশ আৰু ডাক বিভাগৰ কৰ্মচাৰীৰ উপস্থিতিত বাহনখনত তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটখিনি ৷ বাহনখনত পাৰ্চেল হিচাপে মিজোৰামৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে অনা হৈছিল বিদেশী চিগাৰেটখিনি ।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দ কৃত চিগাৰেটখিনিৰ মূল্য প্ৰায় 16 লাখ টকা । আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেণ্ডিমেনজনক আটক কৰে ।
লগতে পঢ়ক : ৰাজ্যৰ কেইবাটাও ধনসহ জুৱাৰীক আটক