বকো,23 ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ চিৰ সেউজ ভূ-খণ্ড লাম্পীক লৈ মেঘালয়ৰ কূট-কৌশল । অসমৰ ভূমিতেই অসমৰ চৰকাৰী, বেচৰকাৰী কাৰ্যালয় স্থাপনত বাধা প্ৰদান কৰি আহিছে মেঘালয় প্ৰশাসনে । অসমৰ ভূমিতেই অসমৰ সীমান্ত আৰক্ষী চকী(BOP) স্থাপন কৰিবলৈ নিদিয়ে মেঘালয়ৰ প্ৰশাসন তথা নাগৰিকে ।
১৯ তাৰিখৰ পৰা লাম্পীৰ উমালিত অস্থায়ী চকী পাতিছে মেঘালয়ৰ আৰক্ষী, কামাণ্ডোই । ইয়াক লৈ দেওবাৰে অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লাম্পীত । সীমান্ত আৰক্ষী চকী স্থাপন কৰাত সমৰ্থন জনোৱা লাম্পীৰ বাসিন্দাই হাতে হাতে দা, খুকুৰি লৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে । ইফালে হাতে হাতে লাঠি-জোং লৈ মেঘালয়ৰ সমৰ্থক সকলো যুঁজিবলৈ উদ্য়ত । লাঠি-জোং লৈ ঠায়ে ঠায়ে জুম পাতি ৰৈছে মেঘালয়ৰ সমৰ্থক । এক অৱৰ্ণনীয় পৰিস্থিতি ।
ইফালে অসম, মেঘালয়ৰ আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, কামাণ্ডো ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সষ্টম হৈ থাকে । ঘটনাস্থলীত উপস্থিত হয় মেঘালয়ৰ ৰামৰায় জিংৰাম সমষ্টিৰ বিধায়ক কিম্ফা মাৰবানীয়া । উপস্থিত হয় মেঘালয়ৰ উচ্চস্তৰীয় প্ৰশাসনিক বিষয়া । অসমৰ হৈ ছমৰীয়া ৰাজহ চক্ৰৰ সংলগ্ন বিষয়া আশীৰ্বাদ হাজৰিকা, ৰাভা হাছঙৰ সদস্য অৰ্জুন চেত্ৰী ঘটনাস্থলীত উপস্থিত হয় ।
মূলতে, অসমে সীমান্ত আৰক্ষী চকীৰ বাবে জৰীপ কৰা স্থানৰ সমীপতে মেঘালয়ে অসমৰ ভূমিতে এটা অস্থায়ী সীমান্ত আৰক্ষী চকী স্থাপন কৰা কাৰ্যত ক্ষোভিত হৈ উঠিছে অসমৰ নাগৰিক৷ গতিকে দুইখন ৰাজ্যৰ চৰকাৰে লাম্পীৰ সীমা সমস্যা সমাধানৰ দিশত গুৰুত্ব প্ৰদান নকৰিলে পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে ।