ETV Bharat / state

কৰ'ণা ভাইৰাছৰ বাবে কামৰূপ জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ - কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য

কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ সংবাদ মেল । সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে সদৰি কৰে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ৷

kamrup-dc-press-meet-on-corona-awareness
কৰ'ণা ভাইৰাছৰ বাবে কামৰূপ জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ
author img

By

Published : Mar 31, 2020, 9:50 PM IST

কামৰূপ, 31 মাৰ্চঃ কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ সংবাদ মেল । সংবাদ মেলত সদৰি কৰে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ৷ কৰ'ণাত আক্ৰান্ত ব্যক্তিক আইচ'লেচনত ৰখাৰ বাবে সাজু কৰা হৈছে কামৰূপ জিলা সৰ্বমুঠ ৭ খন চিকিৎসালয় । বৰ্তমান সাজু কৰি ৰখা হৈছে আমিনগাঁও তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়, শিঙিমাৰী মডেল হাস্পতাল, কলিতাকুছি মডেল হাস্পতাল, ৰঙিয়া মডেল হাস্পতাল, বামুনীগাঁও মডেল হাস্পতাল, ছয়গাঁও, আমিনগাঁও নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতাল, আমিনগাঁও জি এন আৰ চি হাস্পতাল ।

কৰ'ণা ভাইৰাছৰ বাবে কামৰূপ জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ

জিলা খনত প্ৰায় ২২৬০ গৰাকী লোকক ৰখা হৈছে হোম কুৱাৰেন্টাইনত । আটাইকেজনেই আছে স্বাস্থ্য কৰ্মীৰ নিৰীক্ষণত । জিলাখনৰ যিকোনো জৰুৰীকালিন সেৱাৰ কাৰণে মুকলি কৰা হৈছে হেল্প লাইন নম্বৰ । 96784-71071 নম্বৰত আপুনি দিব পাৰিব যিকোনো অভাৱ অভিযোগৰ লগতে অৱগত কৰিব পাৰিব যিকোনো সমস্যা ৷ । লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কামৰূপ জিলাত ৰুজু হৈছে মুঠ ৭ টা গোচৰ । সকলোৱে সজাগ হৈ কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ ।পশু খাদ্য সামগ্ৰী কঢ়িওৱা তথা সংগ্ৰহৰ বাবে সমস্যাৰ সন্মুখীন হোৱা লোকে যিকোনো সহায়ৰ বাবে জিলা প্ৰশাসনৰ লগতে স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় নাইবা আৰক্ষী থানাৰ লগত যোগাযোগ কৰিবলৈ আহ্বান উপায়ুক্ত গৰাকীৰ । ইফালে কৰ'ণাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অহৰহ সংবাদ সেৱাত ব্ৰতী হৈ থকা জিলা সদৰ আমিনগাঁৱৰ সাংবাদিক সকলৰ মাজতো কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ে বিতৰণ কৰে হেণ্ড চেনিটাইজাৰ, মাস্ক আদি প্ৰয়োজনীয় সামগ্ৰী ৷

লগতে পঢ়কঃকামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ সংবাদ মেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.