ETV Bharat / state

শৰাইঘাট যান-জঁটঃ অতিৰিক্ত শ্ৰমিকৰে কাম খৰতকীয়া কৰাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

author img

By

Published : Apr 27, 2019, 1:11 PM IST

Updated : Apr 27, 2019, 2:45 PM IST

বিগত ডেৰ মাহে দলং মেৰামতিৰ নামত সাধাৰণ জনতাক জ্বলা-কলা খুৱাই অহা ৰেল বিভাগৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে ৷ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰে মাত্ৰ 13 গৰাকী কৰ্মচাৰীৰে দলঙৰ মেৰামতিৰ কাম চলাই থকা ৰেল বিভাগে ডেৰ মাহত মাত্ৰ 20 শতাংশ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছে ৷

শৰাইঘাটৰ যান-জঁট

গুৱাহাটী, 27 এপ্ৰিলঃ বিগত ডেৰ মাহে পুৰণি শৰাইঘাট দলং মেৰামতি কৰাৰ নামত দলঙৰ দুয়োপাৰে সৃষ্টি হোৱা যান-জঁট সন্দৰ্ভত ৰে'ল বিভাগৰ সৈতে সংবাদমেল সম্বোধন কৰে কামৰূপ জিলা প্ৰশাসনে ৷ কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই আহ্বান কৰা সংবাদমেলত উপস্থিত থাকে অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু জিলা পৰিবহণ বিষয়া গৌতম দাসৰ লগতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া ৷

ৰেলৱে বিভাগৰ সৈতে কামৰূপ জিলা প্ৰশাসনৰ সংবাদমেল

ৰে'ল বিভাগৰ গাফিলতিৰ বাবে বিগত ডেৰ মাহে দলং মেৰামতিৰ নামত সাধাৰণ জনতাক জ্বলা-কলা খুৱাই অহা ৰেল বিভাগ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে ৷ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰে মাত্ৰ 13 গৰাকী কৰ্মচাৰীৰে দলঙৰ মেৰামতিৰ কাম চলাই থকা ৰেল বিভাগে ডেৰ মাহত মাত্ৰ 20 শতাংশ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছে ৷ সংবাদ মেলতেই ৰে'ল বিভাগৰ অভিযন্তাক ধমক দি শীঘ্ৰেই উন্নতমানৰ প্ৰযুক্তি আৰু পৰ্যাপ্ত শ্ৰমিক নিয়োগেৰে কাম খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক সঞ্জীৱ শইকীয়াই । আনহাতে যান-জঁট নিয়ন্ত্ৰনৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে উপায়ুক্ত কমল কুমাৰ বৈশ্যই । উল্লেখ্য যে, দলঙৰ মেৰামতিৰ বাবে শৰাইঘাট দলঙৰ দুয়োপাৰে সৃষ্টি হৈ আহিছে তীব্ৰ যান-জঁটৰ ৷ দলঙৰ দুয়োপাৰে সৃষ্টি হোৱা যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ভাগত বন্ধ কৰি দিয়া হৈছে সকলো ধৰনৰ গধুৰ যানবাহন ৷

*SLUG : KAMRUP DC PRESS MEET ABOUT SARAIGHAT BRIDGE*

SCRIPT= শৰাইঘাটৰ তীব্ৰ যানযঁট সন্দৰ্ভত কামৰূপ জিলা উপায়ুক্তৰ সংবাদ মেল । ৰে'ল বিভাগৰ গাফিলতিৰ বাবে জ্বলাকলা খাইছে সৰ্বসাধাৰনে । সংবাদ মেলতে ৰ'ল বিভাগক ককৰ্থনা জিলা উপায়ুক্ত গৰাকীৰ । পুৰনি শৰাইঘাট দলং মেৰামতিৰ নামত ভেকো ভাওনা কৰিছে ৰে'ল বিভাগে । ১৩ গৰাকী কৰ্মচাৰীৰে ৰে'ল বিভাগে দলং মেৰামতিৰ কাম কৰি থকাত ক্ষুব্ধ জিলা উপায়ুক্ত গৰাকী । ডেৰা মাহত মাথো ২০  শতাংশ মেৰামতিৰ কামৰ অগ্ৰগতি হোৱাত ক্ষোভিত হৈ পৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য । কামৰূপ জিলায অতিৰিক্ত আৰক্ষী অধিক্ষক সঞ্জীৱ শইকীয়া আৰু কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসেও ৰে'ল বিভাগৰ ল'ৰা ধেমালিক কৰে কঠোৰ সমালোচনা । শীঘ্ৰে উন্নতমানৰ প্ৰযুক্তি আৰু পৰ্যাপ্ত পৰিমানৰ শ্ৰমিক নিয়োগ কৰি মেৰামতিৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ জিলা উপায়ুক্ত গৰাকীৰ । সংবাদ মেলতেই ৰে'ল বিভাগৰ অভিযন্তাক ধমক কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক সঞ্জীৱ শইকীয়াৰ । যানযঁট নিয়ন্ত্ৰনৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আস্বাস কমল কুমাৰ বৈশ্যৰ । যানযঁটৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ভাগত বন্ধ কৰি দিয়া হৈছে সকলো ধৰনৰ গধুৰ যানবাহন ।
Last Updated : Apr 27, 2019, 2:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.