বাইহাটা,12 জুলাই: কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ সমানে সমানে ৰাজ্যত তাণ্ডৱ সৃষ্টি কৰিছে বলীয়া বানে ৷ মুঠতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত ৷ ইতিমধ্যে ৰাজ্য়ত সংহাৰী বানৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে 66 গৰাকী ব্যক্তিয়ে ৷ কামৰূপ(গ্ৰাম্য) জিলাৰো ভিন্ন প্ৰান্তত তাণ্ডৱ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে ৷ জিলাখনৰ মাজেৰে বৈ যোৱা পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত বিপদৰ সন্মুখীন হয় জন সাধাৰণৰ লগতে পশুধনসমূহ ৷
বিগত বৰ্ষৰ বিভীষিকাময় পৰিস্থিতিৰ আতংক প্ৰায় মাৰ নৌযাওঁতেই পুনৰ আঠগাঁৱৰ কাবিলাত মথাউৰি ছিগে পুঠিমাৰী নদীৰ ৷ দেওবাৰে পুৱা মথাউৰি ছিগাৰ ফলত প্লাৱিত হৈ পৰে কমলপুৰ আৰু হাজো সমষ্টিৰ প্ৰায় কুৰিখনতকৈয়ো অধিক গাওঁ ৷ উল্লেখ্য যে, খৰালি শুই থকা জল সম্পদ বিভাগৰ তৎপৰতাত বাৰিষাৰ পূৰ্বে মথাউৰিটো মেৰামতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে কাম স্থগিত ৰখা হৈছিল ৷ ফলত দুৰ্বল আন্তঃগাঁথনিৰ বাবে মথাউৰিটো ভাঙি পুঠিমাৰী নদীয়ে তাণ্ডৱ সৃষ্টি কৰে বৃহত্তৰ অঞ্চলটোত ৷ উল্লেখ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ বান্ধৰ পৰা পানী এৰাৰ ফলত পুঠিমাৰীত বৃদ্ধি পাইছে বানৰ প্ৰকোপ ৷
লগতে চাওকঃ ব্যক্তিগত প্ৰচেষ্টাত নলবাৰী চহৰত চেনিটাইজ কৰি ফুৰা ল'ৰাজন