কামৰূপ, 28 ছেপ্টেম্বৰঃ বাইহাটা চাৰিআলিত চতুৰ্দশ বিত্তীয় আয়োগৰ দহ শতাংশ ধনেৰে পঞ্চায়ত সমূহৰ ছেনিটাইজেচনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গুইয়া গাঁও পঞ্চায়তে পঞ্চায়ত এলেকাধীন ৬২ টা অনুষ্ঠান-প্ৰতিষ্ঠান ছেনিটাইজ কৰে।
গুইয়া মজলীয়া বিদ্যালয়ত পঞ্চায়ত সচিব সৎৰাম ডেকাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা ছেনিটাইজেচন কাৰ্যসূচীত ১৫ খন বিদ্যালয়, ১৪টা অংগনাবাড়ী কেন্দ্ৰ, ২১ টা মন্দিৰ, ৯ টা মছজিদ, ৩ খন চিকিৎসালয় লগতে এখন বজাৰক ছেনিটাইজেচনৰ বাবে সাঙুৰি লোৱা হয় । প্ৰায় এক লাখ পয়ত্ৰিশ হাজাৰ টকাৰে কৰা এই ছেনিটাইজেচন কাৰ্যসূচীত প্ৰথমে প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়সমূহ ছেনিটাইজ কৰা হয় । এই ছেনিটাইজেচন কাৰ্যসূচীত গুইয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী মনোমতী ঠাকুৰিয়াও উপস্থিত থাকে ।