ETV Bharat / state

সত্যব্ৰত কলিতাক উদ্দেশ্যি তীক্ষ্ণ বাক্যবাণ দিগন্ত কলিতাৰ

author img

By

Published : Mar 9, 2021, 4:12 PM IST

"কমলপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতা পঞ্চায়ত সভাপতি হোৱাৰো যোগ্য নহয় । সত্যব্ৰত কলিতা ১২ নম্বৰ খেলুৱৈ" । মঙলবাৰে কমলপুৰ মণ্ডল বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলিৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই ।

বিধায়ক সত্যব্ৰত কলিতা পঞ্চায়ত সভাপতি হোৱাৰো যোগ্য নহয়ঃ দিগন্ত কলিতা

বাইহাটা,৯ মাৰ্চ: কামৰূপৰ কমলপুৰ সমষ্টিৰ বিহদিয়া জাঁজীকোণা মণ্ডলৰ লগতে কমলপুৰ মণ্ডল বিজেপিৰ এক নিৰ্বাচনী কাৰ্যালয় মঙলবাৰে উদ্বোধন কৰা হয় । বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই । সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতাই আন দলত যোগদান কৰিব বিচৰা সন্দৰ্ভত দিগন্ত কলিতাই তীব্ৰ সমালোচনা কৰি কয় যে, সত্যব্ৰত কলিতাই দল বাগৰাৰ গীণিজ ৰেকৰ্ড গঢ়িব ।

কংগ্ৰেছ মুখী হ'বলৈ বিচৰা সত্যব্ৰত কলিতাক ১২ নম্বৰ খেলুৱৈ বুলিও তাচ্ছিল্য কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে । লগতে বিধায়ক সত্যব্ৰত কলিতা পঞ্চায়ত সভাপতি হোৱাৰো যোগ্য নহয় বুলিও তেওঁ কটাক্ষ কৰে । বিধানসভা নিৰ্বাচনত ভোট লাভ কৰা প্ৰসংগত তেওঁ কয় যে, বিজেপিয়ে সৰ্বাধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱা দহটা সমষ্টিৰ ভিতৰত কমলপুৰো এটা সমষ্টি হ'ব প্ৰকাশ কৰে দিগন্ত কলিতাই ।

আনহাতে, সত্যব্ৰত কলিতাই কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে কংগ্ৰেছ দলৰ বহুকেইগৰাকী জেষ্ঠ নেতাই বিজেপিত যোগদান কৰিব বুলিও মন্তব্য কৰে । ইয়াৰ উপৰিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁৰ নাম অপব্যৱহাৰ কৰি যাতে কোনো দালালৰ সৃষ্টি নহয়, তাৰ বাবে কাৰ্যকৰ্তাসকলক আহ্বান জনায় । মণ্ডল কাৰ্যালয় মুকলি অনুষ্ঠানতে অৰ্ধ শতাধিক অন্য দলৰ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ।

লগতে পঢ়ক: মাজুলীৰ দেৱযানী দত্ত কলিতালৈ ‘আই পদ্মপ্রিয়া’ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.