ETV Bharat / state

বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত বিভিন্ন ক্ষেত্ৰত চলিছে চিণ্ডিকেটৰাজঃ জগদীশ ভূঞা - জাতীয় পৰিষদ

বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত চলিছে চিণ্ডিকেটৰাজ । কয়লা, চুপাৰী, গৰুকে আদি কৰি প্ৰতিটো ক্ষেত্ৰতে এতিয়া চিণ্ডিকেট চক্ৰৰ শক্তিশালী হাতোৰা । এই মন্তব্য অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাৰ ৷

kamalpur-ajp-meeting
বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত বিভিন্ন ক্ষেত্ৰত চলিছে চিণ্ডিকেটৰাজঃ জগদীশ ভূঞা
author img

By

Published : Dec 8, 2020, 10:53 PM IST

বাইহাটা, 8 ডিচেম্বৰ : বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত চলিছে চিণ্ডিকেটৰাজ । কয়লা, চুপাৰী, গৰুকে আদি কৰি প্ৰতিটো ক্ষেত্ৰতে এতিয়া চিণ্ডিকেট চক্ৰৰ শক্তিশালী হাতোৰা । আনকি, গো মাতাৰ কথা কোৱা বিজেপি চৰকাৰে ৰাজ্যত গৰুৰো এক বৃহৎ চিণ্ডিকেট গঢ়ি তুলিছে । কামৰূপ জিলাৰ কমলপুৰত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰে ৷

জগদীশ ভূঞাৰ মন্তব্য

পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদী দখল কৰা বিজেপিয়ে ৰাজ্যলৈ উৰ্ধগামী পৰিবৰ্তন অনাৰ বিপৰীতে নিম্নগামী পৰিবৰ্তন অনা বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে, বিজেপি চৰকাৰে হিন্দু-মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি কৰাৰ বাহিৰে অন্য কোনো কাম কৰিব পৰা নাই বুলি চৰকাৰক সমালোচনা কৰে মুখ্য সমন্বয়ক গৰাকীয়ে ৷

লগতে পঢ়ক : পেৰুত কাৰাগাৰৰ সমীপত 200 মিটাৰ দৈৰ্ঘৰ সুৰংগ উদ্ধাৰ

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্য নিৰ্বাহক তথা কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন যুটীয়া সম্পাদক কমলেশ ডেকাৰ লগতে প্ৰায় চাৰি শতাধিক লোক জাতীয় পৰিষদত যোগদান কৰে ৷

উল্লেখ্য যে, অনুষ্ঠানত অংশগ্ৰহণ কৰি জগদীশ ভূঞাই 10 ডিচেম্বৰত শ্বহীদ দিৱস আৰু 12 ডিচেম্বৰত জিলাই জিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক : পিতৃ তৰুণ গগৈৰ হাঁহি ভাঁহি থাকে গৌৰৱ গগৈৰ চকুত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.