ETV Bharat / state

কমলপুৰত অবৈধ প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰসাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Nov 3, 2020, 4:44 PM IST

কামৰূপ জিলাৰ কমলপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ অবৈধ দোকানৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় ৷

Kamalpur Administrative Evction In Kamrup District
কমলপুৰত অবৈধ প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰসাসনৰ উচ্ছেদ অভিযান

বাইহাটা, 3 নৱেম্বৰ : মঙলবাৰে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰশাসনে উচ্ছেদ অভিযান চলায় । ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে ঘাইপথ প্ৰাধিকাৰীৰ ভূমিত একাংশ লোকে বেদখল কৰি দোকান দিয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত এক বিশৃংখল পৰিবেশৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ বাবে মঙলবাৰে প্ৰশাসনে উক্ত স্থানত উচ্ছেদ অভিযান চলায় ।

ৰাজহ চক্ৰ বিষয়াৰ মন্তব্য

তাৰোপৰি এই দোকান সমূহত সামগ্ৰী ক্ৰয়ৰ বাবে বৃহৎ ট্ৰাক সমূহ ৰাষ্ট্ৰীয় ঘাইপথটোত যধেমধে ৰখাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ ৰাইজৰ । যাৰ পৰিপ্ৰেক্ষিতত একাংশ সচেতন লোকে প্ৰশাসনৰ ওচৰত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছিল । সেইমৰ্মে কমলপুৰ ৰাজহ চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মাই অবৈধ স্থানত স্থাপন কৰা দোকানসমূহ স্থানান্তৰিত কৰাৰ বাবে দোকানৰ গৰাকী সকলক জাননী প্ৰেৰণ কৰিছিল । কিন্তু জাননী লাভ কৰাৰ পিচতো দোকান সমূহ আঁতৰ নকৰাৰ বাবে চক্ৰ বিষয়া গৰাকীৰ নিৰ্দেশ মৰ্মে কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃনাল কুমাৰ দাসৰ নেতৃত্বত এটি আৰক্ষী দলৰ সহযোগত বৃহত্তৰ অঞ্চলটোৰ দহখনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান উচ্ছেদ কৰা হয় ।

লগতে পঢ়ক : নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.