ETV Bharat / state

kamakhya Human Sacrifice case: কামাখ্যাত নৰবলি নে হত্যাকাণ্ড !

author img

By

Published : Apr 5, 2023, 10:51 PM IST

মা কামাখ্যাক পূজা পাঠ কৰা বিধানত নাই নৰবলিৰ শব্দ (Temple Authority on Human Sacrifice case)। পৰম্পৰাগতভাৱে পূজাৰ বিধানমতে দেৱীৰ পূজাৰ লগত সংগতি ৰাখি ম’হ, ছাগলী পশু পক্ষী বলি দিয়া হয় । কামাখ্যা মন্দিৰত সংঘটিত হোৱা নৰবলিৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে মন্দিৰ কৰ্তৃপক্ষই (Kamakhya Temple Authority press meet)৷

Kamakhya Temple Authority press meet
মা কামাখ্যাক পূজা পাঠ কৰা বিধানত নৰবলিৰ শব্দ নাই

গুৱাহাটী, ৫ এপ্ৰিল: ৰাজ্য কঁপোৱা নৰবলিৰ ঘটনাৰ সন্দৰ্ভত বুধবাৰে মুখ খুলিলে কামাখ্য মন্দিৰ কৰ্তৃপক্ষই (Kamakhya Temple Authority press meet)৷ সংবাদমাধ্যমক মন্দিৰ কৰ্তৃপক্ষই জনায় যে, এই মন্দিৰলৈ বিভিন্ন ধৰণৰ লোক আহে, সাধু-সন্ন্যাসী পৰা আদি কৰি লোকে বেশ ধৰিও আহে ৷ আমি সকলো ভক্তকে আহ্বান জনাইছো সকলোৱে সচেতন হওক ৷ যদি কোনোধৰণৰ সন্দেহজনক কাৰ্যকলাপ প্ৰত্যক্ষ কৰে তেনেহ’লে তৎক্ষণাৎ দেৱালয় প্ৰশাসনক তথা আৰক্ষীক অৱগত কৰাওক ৷

সেইসকলৰ বিৰুদ্ধে আমি তেতিয়া উচিত ব্যৱস্থা ল’বলৈ পাৰিম ৷ মা কামাখ্যাক পূজা পাঠ কৰা বিধানত নাই নৰবলিৰ শব্দ (Temple Authority on Human Sacrifice case)। পৰম্পৰাগত ভাৱে মা কামাখ্যাৰ পৰম্পৰাগত পূজাৰ মাধ্যমেৰে চলি আহিছে । পূজাৰ বিধানমতে দেৱীৰ পূজাৰ লগত সংগতি ৰাখি ম’হ, ছাগলী পশু পক্ষী বলি দিয়া হয় । কিন্তু পূজাৰ বিধানত নৰবলিৰ কথা উল্লেখ নাই ৷

লগতে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই কোনো সাধু বা বাবা দেখিলে ভক্তক ভোল নাযাবলৈ আহ্বান জনায় ৷ কিছুমান সাধুৱে টকাৰ বাবে এইবোৰ ভণ্ডামি কৰে৷ লগতে মন্দিৰ কৰ্তৃপক্ষই আগন্তুক দিনত এই সন্দৰ্ভত অধিক সতৰ্ক হোৱাৰ লগতে কামাখ্যা দেৱালয় ফালৰপৰা অধিক নিৰাপত্তা দিয়া হ’ব বুলি সদৰী কৰে ৷ নিৰাপত্তা ব্যৱস্থাটো চোৱাৰ বাবে এই সন্দৰ্ভত আৰক্ষী প্ৰশাসৰ লগত আলোচনা কৰিব কৰ্তৃপক্ষই বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ২০১৯ চনত অম্বুবাচী মেলাত অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতিৰ ফলত এক নৰবলিৰ ঘটনা সংঘটিত হৈছিল (Kamakhya Human Sacrifice case) ৷ কামাখ্যাৰ জয় দুৰ্গা মন্দিৰত এজাক অন্ধবিশ্বাসীয়ে অম্বুবাচী মেলাত মা কামাখ্যাক সন্তুষ্ট কৰিবলৈ এগৰাকী নিৰীহ মহিলাক পূজা কৰাৰ নামত বলি দিয়া হৈছিল (Woman killed sake of Human sacrifice)।

19 জুনত কামাখ্যা মন্দিৰৰ কাষত থকা জয় দুৰ্গা মন্দিৰৰ চিৰিৰ ওচৰত এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল (Woman killed sake of Human sacrifice)। মৃতদেহটোৰ ওচৰতে এটা চাকি আৰু কিছুমান মাটিৰ সামগ্ৰী, ৰঙা সূতা, খালী প্লাষ্টিকৰ বটল, তেলৰ আন এটা বটল পোৱা গৈছিল৷

ইয়াৰ পিচতে নৰবলি ঘটনাৰ লগত জড়িত থকা তান্ত্ৰিকসহ পাঁচ অভিযুক্তক আটক কৰিছে মহানগৰ আৰক্ষীয়ে৷ 4 এপ্ৰিলত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এক সংবাদমেলযোগে সমগ্ৰ ঘটনা সন্দৰ্ভত সদৰী কৰে (CP Diganta Bora press meet)। ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি আৰক্ষী আয়ুক্ত গৰাকীয়ে সদৰী কৰে (CP Diganta Bora on kamakhya case)।

লগতে পঢ়ক: Human sacrifice at Kamakhya : কামাখ্যাৰ নৰবলি সংঘটিত কৰা 5 অভিযুক্তক গ্ৰেপ্তাৰ

ধৃত অভিযুক্তকেইটা ক্ৰমে মধ্যপ্ৰদেশৰ তান্ত্ৰিক মাতা প্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰী গীৰি (50), গুৱাহাটীৰ সুৰেশ পাছোৱান (56), উত্তৰ প্ৰদেশ মথুৰাৰ প্ৰদীপ পাঠক ওৰফে দিনেশ ওৰফে ৰাজু (52), গুৱাহাটীৰ কানু আচাৰ্য জী ওৰফে কানু তান্ত্ৰিক (62), ভায়াৰাম মোৰিয়া ওৰফে ৰাজু বাবা (60) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.