ETV Bharat / state

ৰঙিয়াৰ উজ্জ্বল ডেকালৈ 'কাব্যশ্ৰী' উপাধি - ৰঙিয়াৰ উজ্জ্বল ডেকালৈ 'কাব্যশ্ৰী' উপাধি

২০১৭ চনত প্ৰকাশ কৰা “কুঁহি-এক প্ৰাপ্তিৰ নাম” নামৰ কাব্যপুথিৰ বাবে 'সৃষ্টিৰ পদাতিক অসমে' উজ্জ্বল ডেকাক 'কাব্যশ্ৰী' উপাধি প্ৰদান কৰে ৷

ৰঙিয়াৰ উজ্জ্বল ডেকালৈ 'কাব্যশ্ৰী' উপাধি

author img

By

Published : Feb 3, 2021, 1:29 PM IST

ৰঙিয়া,৩ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত চাপনীয়া গাঁৱৰ নিৱাসী শিক্ষক উজ্জ্বল ডেকালৈ 'কাব্যশ্ৰী' উপাধি প্ৰদান কৰা হয় । অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা সদনত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এক অনুষ্ঠানত তেওঁক প্ৰদান কৰা হয় এই সন্মান । ২০০৬ চনৰ পৰা কবিতা লিখি ভালপোৱা উজ্জ্বল ডেকাই ২০১৭ চনত “কুঁহি-এক প্ৰাপ্তিৰ নাম” নামেৰে প্ৰথমখন কাব্যপুথি প্ৰকাশ কৰে আৰু ইয়াৰ বাবেই তেওঁলৈ 'সৃষ্টিৰ পদাতিক অসমে' কাব্যশ্ৰী উপাধি প্ৰদান কৰে ৷ এখন ফুলাম গামোচা,মানপত্ৰ,বঁটা আৰু এখন পৱিত্ৰ ভাগৱত গীতাৰে সন্মানিত কৰা হয় উজ্জ্বল ডেকাক ।

ৰঙিয়াৰ উজ্জ্বল ডেকালৈ 'কাব্যশ্ৰী' উপাধি
ৰঙিয়াৰ উজ্জ্বল ডেকালৈ 'কাব্যশ্ৰী' উপাধি

উল্লেখ যে ৰঙিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকাৰ উপৰিও উজ্জ্বল ডেকা সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদকৰ দায়িত্বত আছে ৷ বৰ্তমান দ্বাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিষয়ৰ শিক্ষক হিচাপে কৰ্মৰত চাপনীয়া নিবাসী ডেকাই ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে সাহিত্য মহলত চৰ্চিত হৈছে আৰু ৰঙিয়াবাসীয়েওঁ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।

লক্ষ্মীৰাম বৰুৱা সদনৰ অনুষ্ঠানত অসমৰ বিভিন্ন সামাজিক,সাহিত্য,শিক্ষা লগতে সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰায় ৬০ গৰাকী মহান ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে ৷ অনুষ্ঠানত 'সৃষ্টিৰ পদাতিক অসম'ৰ সম্পাদক মদন চন্দ্ৰ মেধিয়ে পৰিচালনা কৰা সভাত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নিপেন্দ্ৰ ভাগৱতী,সদৌ আসম কবি সমাজৰ সভাপতি পখিলা কলিতাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ বিশেষ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.