বকো,২৪ মাৰ্চ: জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উলিওৱা শোভাযাত্ৰাই মন্ত্ৰমুগ্ধ কৰিলে বকোৰ ৰাইজক । কোনোৱে যদি বিহু নাচনী-ঢুলীয়াৰ ৰূপত নিজক সজালে, আন কোনোৱে আকৌ অসমীয়া দৰা-কইনাৰ সাজ পৰিধান কৰিছে । আদিম মানৱৰ দৰে গছৰ পাত পৰিধান কৰিও ছাত্ৰ-ছাত্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে ।
বুধবাৰৰ পৰা দক্ষিণ কামৰূপৰ বকোস্থিত এই জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ 'মহাবিদ্যালয় সপ্তাহ' আৰম্ভ হৈছে । চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা 'মহাবিদ্যালয় সপ্তাহ' ৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে বুধবাৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই ছাত্ৰ-ছাত্ৰীসকলে ।
![জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ 'মহাবিদ্যালয় সপ্তাহ' আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/subha_2403newsroom_1616591465_988.jpg)
বড়ো, ৰাভা, গাৰো, কোচ, মিচিং আদি বিভিন্ন জনগোষ্ঠীৰ পোছাক পৰিধান কৰা দেখা গ'ল ছাত্ৰ-ছাত্ৰীসকলক । প্ৰায় এক হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । ২৭ মাৰ্চত মহাবিদ্যালয় সপ্তাহৰ অন্ত পৰিব । মহাবিদ্যালয় সপ্তাহ উপলক্ষে বিভিন্ন খেল-ধেমালি, সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক: 'কা' বাতিলৰ দাবীত হাটশিঙিমাৰীত আছুৰ অনশন