ETV Bharat / state

JEE পৰীক্ষাঃ এটা অডিঅ' ক্লিপে তোলপাৰ লগাইছে ৰাজ্য !

author img

By

Published : Oct 27, 2020, 6:40 PM IST

যোৱা ৫ ছেপ্তেম্বৰত গুৱাহাটী বৰঝাৰস্থিত ION Digital Zoneত অনুষ্ঠিত হৈছিল Joint Entrance Exam চমুকৈ JEEৰ পৰীক্ষা । কেন্দ্ৰটোত নীল নক্ষত্ৰ দাস নামৰ এজন পৰীক্ষাৰ্থীয়ে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত পৰীক্ষাত কেন্দ্ৰটোত পৰীক্ষা নিদি গুচি আহিছিল ৷ কিন্তু তেওঁৰ ঠাইত আন কোনো লোকে অন্য প্ৰান্তৰ পৰা তেওঁৰ হৈ পৰীক্ষা দি আছিল আৰু পৰীক্ষাৰ্থী জনে লাভ কৰিছিল অসমৰ ভিতৰতে সৰ্বোচ্চ ৯৯.৮ শতাংশ নম্বৰ ।

jee-exam-allegation-in-assam
JEE পৰীক্ষাঃ এটা অডিঅ' ক্লিপে তোলপাৰ লগাইছে ৰাজ্য !

আজাৰা, 27 অক্টোবৰ : বৰ্তমান সময়ত এটা অডিঅ ক্লিপে তোলপাৰ লগাইছে ৰাজ্যত । সৰ্বভাৰতীয় পৰ্যায়ৰ JEE পৰীক্ষাত টকাৰ বিনিময়ত কেনেকৈ নিজৰ স্থান সুৰক্ষিত কৰিব পাৰি এই বিষয়ত চৰ্চা হৈছিল অডিঅ' ক্লিপটোত । এই অডিঅ' ক্লিপটো মিত্ৰদেৱ নামৰ এজন সচেনত ব্যক্তিৰ হাতত পৰাত ঘটনা সন্দৰ্ভত আজাৰা আৰক্ষী থানাৰ ওচৰ চাপিছিল । আৰু আজাৰা আৰক্ষী থানাত 624/20 নম্বৰত এটি গোচৰ ৰুজু হৈছিল । বৰ্তমান অসম আৰক্ষীয়ে Nation Testing Agancyত অডিঅটো প্ৰেৰণ কৰিছে । লগতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

উল্লেখ্য যে, যোৱা ৫ ছেপ্তেম্বৰত গুৱাহাটী বৰঝাৰস্থিত ION Digital Zoneত অনুষ্ঠিত হৈছিল Joint Entrance Exam চমুকৈ JEEৰ পৰীক্ষা । কেন্দ্ৰটোত নীল নক্ষত্ৰ দাস নামৰ এজন পৰীক্ষাৰ্থীয়ে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত পৰীক্ষাত কেন্দ্ৰটোত পৰীক্ষা নিদি গুচি আহিছিল ৷ কিন্তু তেওঁৰ ঠাইত আন কোনো লোকে অন্য প্ৰান্তৰ পৰা তেওঁৰ হৈ পৰীক্ষা দি আছিল আৰু পৰীক্ষাৰ্থী জনে লাভ কৰিছিল অসমৰ ভিতৰতে সৰ্বোচ্চ ৯৯.৮ শতাংশ নম্বৰ । এই সংক্ৰান্ততে এজন লোকৰ সৈতে কথা পাতি সমগ্ৰ ঘটনা বিৱৰি কৈছিল নীল নক্ষত্ৰ দাসে ।

অভিযোগকাৰী মিত্ৰদেৱে লাখ লাখ টকাৰ বিনিময় যোগ্যজনক বঞ্চিত কৰি অযোগ্যজনক স্থান দিয়া ION Digital Zone তথা শিক্ষানুষ্ঠানসমুহ ব্লেকলিষ্টেত কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰক ।

লগতে পঢ়ক: Google ৰ 2025 বৰ্ষলৈ 100 শতাংশ প্লাষ্টিকমুক্ত পেকেজিঙৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.