ETV Bharat / state

Azadi ka Amrit Mahotsav : ৰঙিয়া মহকুমাত স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি - Azadi ka Amrit Mahotsav

সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence Day programme in Rangia) বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে । সেই উপলক্ষে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত সমাগত স্বাধীনতা দিৱস কেনেদৰে অনুষ্ঠিত কৰা হ'ব, সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।

Rangia
Rangia
author img

By

Published : Aug 2, 2022, 7:09 PM IST

ৰঙিয়া, ২ আগষ্ট : সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে (75th Independence day of India) । এই উপলক্ষে মঙলবাৰে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত এক প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয় (Independence Day preparatory meeting at rangia subdivision office) । কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত সমাগত স্বাধীনতা দিৱস কেনেদৰে অনুষ্ঠিত কৰা হ'ব, সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।

কাৰ্যসূচীসমূহ সূচাৰুৰূপে আগুৱাই নিবলৈ প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিজা নিজা দায়িত্ব সুকলমে পালন কৰিবলৈ মহকুমাধিপতিগৰাকীয়ে আহ্বান জনায় (Rangia subdivision administration central Independence Day programme) । উল্লেখযোগ্য যে বিগত বছৰবোৰৰ দৰে এইবাৰো ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব (Independence Day programme at rangia higher secondary school ground) ।

অনুষ্ঠানত অসম আৰক্ষীৰ লগতে সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও দলৰ লগতে বিভিন্ন বিদ্যালয়ৰ উপৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰিব । বিগত বছৰত ক'ভিডৰ আতংকৰ বাবে সাংস্কৃতিক কাৰ্যসূচীসমূহ বাতিল কৰা হৈছিল যদিও এইবাৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব । ইয়াৰ উপৰি এইবেলি মহকুমা প্ৰশাসনৰ উদ‍্যোগত বিদ্যালয়সমূহৰ ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, ৰচনা আদি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । লগতে ৰঙিয়া মহকুমা প্ৰশাসনে তিনিদিন পূৰ্বৰে পৰা ৰাইজৰ মাজত বিভিন্ন প্ৰতিযোগিতা তথা সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

এই অনুষ্ঠানসমূহ ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হ'ব (Independence Day celebration preparation going on in Rangia)। আনহাতে, স্বাধীনতা দিৱসৰ দিনা বিয়লি মহকুমা প্ৰশাসন একাদশ আৰু ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেলৰো আয়োজন কৰা হৈছে । সকলো অনুষ্ঠানৰ বিভিন্ন দিশ তদাৰকীৰ বাবে কেইবাখনো উপ-সমিতি গঠন কৰি দিয়া হৈছে । আনহাতে, মহকুমাধিপতিৰ বিশেষ উদ্যোগত ৰঙিয়া মহকুমাৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ মাজত 'স্বাধীনতাৰ ৭৫ বছৰত ভাৰতবৰ্ষ' (India@75) শীৰ্ষক এক আন্তঃবিভাগীয় ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ।

ৰঙিয়া উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ মূল অনুষ্ঠানত প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণ কৰাৰ লগতে বিভিন্ন বিভাগৰ পাৰদৰ্শী বিষয়া-কৰ্মচাৰীৰ লগতে নাগৰিকসকলকো সম্বৰ্ধনা জনোৱা হ'ব। দেশৰ স্বাধীনতাৰ মহাৰজত জয়ন্তী 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi ka Amrit Mahotsav) লগতে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ (Har Ghar Tiranga) অধীনত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবেও মহকুমা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

ইতিমধ্যে প্ৰশাসনৰ উদ্যোগত ৰঙিয়া চহৰত এক জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সুলভ মূল্যৰ দোকানসমূহতো ৰাইজৰ বাবে পৰ্যাপ্ত সংখ্যক জাতীয় পতাকা উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে । স্বাধীনতা দিৱসৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণৰ লগতে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবে ৰঙিয়া মহকুমাৰ জনসাধাৰণলৈ মহকুমাধিপতিগৰাকীয়ে আহ্বান জনাইছে ।

লগতে পঢ়ক :Indian National Flag Design : ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিৰ আঁৰৰ ব্যক্তিজনক জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.