ETV Bharat / state

অনুষ্টুপীয়া কাৰ্যসূচীৰে বিলাসীপাৰা আৰু আমিনগাঁৱত পালন স্বাধীনতা দিৱস

author img

By

Published : Aug 15, 2020, 11:27 AM IST

বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সৌজন্যত বিলাসীপাৰাৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত কৰা হ'ল স্বাধীনতা দিৱস ৷ আনহাতে আমিনগাঁৱৰ জলাহ খেল পথাৰতো পালন কৰা হ'ল স্বাধীনতা দিৱস ৷ বিলাসীপাৰাত মহকুমাধিপতি মৃদুল যাদৱে পতাকা উত্তোলন কৰাৰ বিপৰীতে আমিনগাঁৱত পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৷

স্বাধীনতা দিৱস
স্বাধীনতা দিৱস

নিউজ ডেস্ক, 15 আগষ্ট: বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সৌজন্যত উদযাপন কৰা হ'ল 74 সংখ্যক স্বাধীনতা দিৱস ৷ পুৱা 9 বজাত বিলাসীপাৰাৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত মহকুমাধিপতি মৃদুল যাদৱে পতাকা উত্তোলন কৰে ৷ বিলাসীপাৰাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে পূব বিলাসীপাৰা সমষ্টিপ বিধায়ক অশোক কুমাৰ সিংহীকে ধৰি কেইবাগৰাকীও লোক ৷ কৰ'ণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৰ'ণা যোদ্ধা সকলৰ লগতে, ভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোক আৰু ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

অনুষ্টুপীয়া কাৰ্যসূচীৰে আমিনগাঁৱত পালন স্বাধীনতা দিৱস

আনহাতে আমিনগাঁৱৰ জলাহ খেল পথাৰতো পালন কৰা হ'ল স্বাধীনতা দিৱস ৷ জলাহ খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৷ কেন্দ্ৰীয়ভাৱে উৎযাপিত এই অনুষ্ঠানত জোৱান সকলৰ পেৰেডৰ পাচতে, উপায়ুক্ত গৰাকীয়ে ভাষণত ৰাজ্য চৰকাৰৰ খতিয়ান দাঙি ধৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া সকল ৷

লগতে পঢ়ক: ৰঙিয়াত অনুষ্টুপীয়াকৈ পালন 74 সংখ্যক স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.