ETV Bharat / state

বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

author img

By

Published : Aug 5, 2020, 7:01 PM IST

কুকুৰমাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ নেতৃত্বত চলোৱা অভিযানত টাটা মেজিকসহ প্ৰায় ৭০ হেজাৰ টকাৰ চোৰাং কাঠ জব্দ ৷ এ-এছ-২৫বিচি -৪৪৯৮ নম্বৰৰ গাড়ী খন কুকুৰমাৰা ৰে’ল গেটত জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ৷

illigal timber rescue at kukurmara forest
কুকুৰমাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ছয়গাঁও,৫আগষ্টঃ কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত বুধবাৰে এক অভিযানত কুকুৰমাৰা ৰে’ল গেটত চোৰাং কাঠ কঢ়িয়াই নিয়া এখন টাটা মেজিক জব্দ কৰে ৷ জব্দ কৰা মূল্যৱান শাল আৰু নশাল কাঠ খিনিৰ মূল্য প্ৰায় ৭০ হাজাৰ হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে ৷ জানিব পৰামতে ছয়গাঁও কুলশী পথেৰে প্ৰায়েই চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ কথা খণ্ড বন বিষয়া গৰাকীয়ে জানিব পাৰি প্ৰতি নিশাই চোৰাং কাঠ জব্দ কৰাৰ বাবে অভিযান চলাই আহিছিল ৷

ইপিনে চোৰাং বেপাৰীয়ে বন বিভাগৰ অভিযানৰ কথা গম পাই চোৰাং কাঠ কঢ়িওৱা পথ সলনি কৰিছিল ৷ কিন্তু মঙলবাৰে নিশা খণ্ড বন বিষয়া গৰাকীয়ে লগত এটি বনকৰ্মীৰ দল লৈ সাধাৰণ মানুহৰ দৰে বিভিন্ন ঠাইত খাপপিতি আছিল ৷ অৱশেষত পুৱা প্ৰায় 4 বাজি 30 মিনিটত চোৰাং কাঠ কঢ়িয়াই নিয়া এ-এছ-২৫বিচি -৪৪৯৮ নম্বৰৰ গাড়ী খন কুকুৰমাৰা ৰে’ল গেটত জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷

খণ্ড বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি কুকুৰমাৰাত বন বিভাগৰ কাৰ্যালয়টো থকাৰ বাবে খাৰাভাংগা হৈ আমত’লা সত্ৰৰ মাজেৰে ৩ নং আমত’লাৰে কুকুৰমাৰা ৰে’লৱে কচিঙৰে গাড়ীবোৰ পাৰ কৰি লৈ যায় ৷ আনহাতে সোমবাৰে দিনৰ ভাগত আন এখন গাড়ীত চোৰাং কাঠ কঢ়িয়াই নিয়াৰ খবৰ লাভ কৰি বন বিভাগৰ দল এটাই গাড়ীখনৰ পিচ লোৱাত ভাগৱতীপাৰাৰ এখন কাঠৰ দোকানত কাঠসমূহ নমাই থকাৰ অৱস্থাতে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা নশাল কাঠখিনিৰ মূল্য প্ৰায় ৩০ হেজাৰ হ’ব বুলি বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ অসম ৰাজ্যিক বিজেপিৰ নতুন সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.