ETV Bharat / state

বকোত জব্দ চোৰাং কুণ্ডা ভৰ্তি বাহন

কামৰূপ জিলাৰ বকোত বুধবাৰে নিশা বন বিভাগৰ অভিযান । অভিযানত জব্দ কুণ্ডা ভৰ্তি নম্বৰ প্লেটবিহীন এখন বাহন । জব্দ কৰা কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা বুলি বন বিভাগে প্ৰকাশ কৰিছে ।

author img

By

Published : Apr 22, 2021, 5:11 PM IST

বকো, ২২ এপ্ৰিল: বুধবাৰে নিশা অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিম অঞ্চলত জব্দ কৰা হয় কুণ্ডা ভৰ্তি নম্বৰ প্লেটবিহীন এখন বাহন । কামৰূপ জিলাৰ শিংৰা বনাঞ্চলিক বিষয়া আব্দুৰ ৰৌফ আহমেদৰ নেতৃত্বত এটা বন বিভাগৰ দলে অভিযান চলাই জব্দ কৰে বাহনখন । চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দিশৰ পৰা অবৈধভাৱে কঢ়িয়াই অনা পমা গছৰ কুণ্ডা ভৰ্তি বাহনখন জব্দ কৰাৰ লগতে বাহনখনৰ চালক ফাৰুক আলিক আটক কৰে বন বিভাগে ।

বকোত জব্দ চোৰাং কুণ্ডা ভৰ্তি বাহন

জব্দ কৰা কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা বুলি বন বিভাগে প্ৰকাশ কৰিছে । আনহাতে, জব্দ কৰা বাহনখন বৰ্তমান বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ চৌহদত ৰখা হৈছে আৰু চালকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে বন বিষয়া আব্দুৰ ৰৌফ আহমেদে ।

.........................CHANGE THUMBNAIL..........................

লগতে পঢ়ক: মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.