ETV Bharat / state

জোৰশিমলুত 100 কাৰ্টন চোৰাং মিঠাতেল জব্দ - ছয়গাঁও আৰক্ষী

কামৰূপ(গ্ৰাম্য) ৰ ছয়গাঁও আৰু জোৰশিমলু আৰক্ষীৰ সফল যুটীয়া অভিযান ৷ শুকুৰবাৰে নিশা চলোৱা অভিযানত জব্দ 100 কাৰ্টন চোৰাং মিঠাতেল ৷ ঘটনা সন্দৰ্ভত চানমিঞা আলী নামৰ লোকজনক আটক ৷

Illegal mustard oil seized in chaigaon kamrup assam etv bharat news
100 কাৰ্টন চোৰাং মিঠাতেল জব্দ
author img

By

Published : Dec 26, 2020, 12:37 PM IST

Updated : Dec 26, 2020, 12:47 PM IST

ছয়গাঁও,26 ডিচেম্বৰ : শুকুৰবাৰে নিশা ছয়গাঁৱৰ জোৰশিমলুত জব্দ কৰা হৈছে ১০০ কাৰ্টন চোৰাং মিঠাতেল ৷ ছয়গাঁও আৰু জোৰশিমলু আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় এই কাৰ্টনসমূহ ৷

প্ৰাপ্ত তথ্য অনুসৰি, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ছয়গাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা প্ৰায় 10.30 বজাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান চলাই চোৰাং মিঠাতেলখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ দলটোৱে ভলুকাবাৰীৰ চানমিঞা আলীৰ ঘৰত অভিযান চলাই চোৰাং মিঠাতেলখিনি জব্দ কৰি এই ঘটনাত জড়িত থকাৰ সন্দেহত আলীক আটক কৰে ৷

100 কাৰ্টন চোৰাং মিঠাতেল জব্দ

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই চোৰাং ব্যৱসায়ৰ সৈতে এটি অসাধু চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ চোৰাং মিঠাতেলখিনি ক’ৰ পৰা কেনেকৈ উক্ত স্থানলৈ আহিল সেই সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে চাওকঃ ইউৰোপৰ 9 খন দেশত পুনৰ ক'ৰণাৰ আতংক

Last Updated : Dec 26, 2020, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.