ETV Bharat / state

বোকাৰ মাজত শ্ৰেণীকোঠা , পিতনিৰ মাজত বিদ্যালয় - EDUCATION DEPARTMENT

বোকা-পানীৰ মাজত থকা বাবে বহু কেইটা শ্ৰেণীকোঠা পাঠদানৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ উঠিছে । বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে বিদ্যালয়খনৰ মেটেকা আদি চাফ-চিকুণ কৰাৰ কোনো ব্যৱস্থা নকৰিলে ।

Rangia schools
author img

By

Published : May 1, 2019, 9:38 AM IST

ৰঙিয়া , 1 মে' : স্বচ্ছ ভাৰত আঁচনি প্ৰহসনত পৰিণত ৰঙিয়াত। জোক, সাপৰ লগত সহৱস্থান কৰি পঢ়িব লগীয়া হৈছে দেশৰ ভৱিষ্যত নাগৰিকে।

মেটেকা-হাবি-জংঘলেৰে আৱৰা, সাপ , ভেকুলী , জোক , বিছা আদিৰ দৰে বিষাক্ত প্ৰাণীৰ সৈতে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে সহৱস্থান কৰি পঢ়িব লগীয়া হোৱা এখন বিদ্যালয় হৈছে ৰঙিয়া শান্তিপুৰৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় । ভয় আৰু শংকাৰ মাজেৰে এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে । ৰঙিয়াৰ অন্যতম পুৰণি এই বিদ্যালয়খনত এনেদৰেই চলি আহিছে পাঠদান । চৰকাৰী বিদ্যালয়ত এনে এক কদৰ্যময় পৰিবেশত কিদৰে দেশৰ ভৱিষ্যতৰ সু-নাগৰিক গঢ়ি তোলা হব সেয়া বিচাৰ্যৰ বিষয় । বোকা-পানীৰ মাজত থকা বাবে বহু কেইটা শ্ৰেণীকোঠা পাঠদানৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ উঠিছে ।

বোকাৰ মাজত শ্ৰেণীকোঠা ,

লগতে পঢ়ক: বায়ু সেনাৰ উপ-সেনাধ্যক্ষ অনিল খোছলাৰ অৱসৰ গ্ৰহণ

বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পাচতো বিদ্যালয়খনৰ মেটেকা আদি চাফ-চিকুণ কৰাৰ কোনো ব্যৱস্থা নকৰিলে । আনকি প্ৰধান শিক্ষক গৰাকীয়ে বাৰম্বাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা লবলৈ আবেদনো জনাইছে । তৎস্বত্বেও গা লৰা নাই বিভাগটোৰ । এই বিদ্যালয়খনত কেন্দ্ৰীয় চৰকাৰৰ বহু অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযান প্ৰহসনত পৰিণত হৈছে । ইয়াৰ উপৰি বিশুদ্ধ খোৱাপানীৰো অভাৱ বিদ্যালয়খনত। ৰান্ধনীগৃহৰ অৱস্থাও তথৈবচ । যাৰবাবে মধ্যাহ্ন ভোজন আঁচনিৰ আহাৰ প্ৰস্তুত কৰাটো অসুবিধাৰ সৃষ্টি হৈছে । পৰিবৰ্তনৰ শ্লোগান দি শাসনৰ গাদী দখল কৰা সোণোৱাল চৰকাৰে এনেদৰেই চৰকাৰী বিদ্যালয়ত মানৱ সম্পদ গঢ়ি তুলিবলৈ সক্ষম হব নে?

Intro:স্বচ্ছ ভাৰত আঁচনি প্ৰহসনত পৰিণত হৈছে ৰঙিয়াত। জোক, সাপৰ লগত সহৱস্থান কৰি পঢ়িব লগীয়া হৈছে দেশৰ ভৱিষ্যত নাগৰিকে।Body:মেটেকা-হাবি-জংঘলেৰে আৱৰা, সাপ , ভেকুলী , জোক , বিছা আদিৰ দৰে বিষাক্ত প্ৰাণীৰ সৈতে কন কন ছাত্ৰ-ছাত্ৰীয়ৈ সহৱস্থান কৰি পঢ়িব লগীয়া হোৱা এখন বিদ্যালয় হৈছে ৰঙিয়া শান্তিপুৰৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় । ভয় আৰু শংকাৰ মাজেৰে এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰীসকলে । ৰঙিয়াৰ অন্যতম পুৰণি এই বিদ্যালয়খনৰ এনে এক বিভৎস লেতেৰা পৰিবেশত পাঠদান চলি আহিছে । চৰকাৰী বিদ্যালয়ত এনে এক কদৰ্যময় পৰিবেশত কিদৰে দেশৰ ভৱিষ্যতৰ সু-নাগৰিক গঢ়ি তোলা হব সেয়া বিচাৰ্যৰ বিষয় । বোকা-পানীৰ মাজত থকা বাবে বহু কেইটা শ্ৰেণিকোঠা পাঠদানৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ উঠিছে । এই বিদ্যালয়খনত প্ৰায়ে জোক , সাপ , বিছা আদিয়ে বিচৰণ কৰি থকা বাবে অতি ভয়ে ভয়ে শিক্ষা গ্ৰহণ কৰিব লগা হোৱা বুলি কন কন শিশুসকলেও খেদ প্ৰকাশ কৰে । বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে বিদ্যালয়খনৰ মেটেকা আদি চাফ-চিকুণ কৰাৰ কোনো ব্যৱস্থা নকৰিলে । আনকি প্ৰধান শিক্ষক গৰাকীয়ে বাৰম্বাৰ ঊৰ্ধ্বতন মহলক ছাত্র-ছাত্ৰীৰ শৈক্ষিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা লবলৈ আবেদনো জনাইছে । তৎস্বত্বেও গা লৰা নাই অকৰ্মণ্য বিভাগটোৰ । এই বিদ্যালয়খনত কেন্দ্ৰীয় চৰকাৰৰ বহু অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযান প্ৰহসনত পৰিণত হৈছে । ইয়াৰ উপৰি বিশুদ্ধ খোৱাপানীৰো অভাৱ বিদ‍্যালয়খনত। ৰান্ধনীগৃহৰ অৱস্থাও তথৈবচ । যাৰবাবে মধ্যাহ্ন ভোজন আঁচনিৰ আহাৰ প্ৰস্তুত কৰাটো অসুবিধাৰ সৃষ্টি হৈছে । পৰিবৰ্তনৰ শ্লোগান দি শাসনৰ গাদী দখল কৰা সোণোৱাল চৰকাৰে এনেদৰেই চৰকাৰী বিদ্যালয়ত মানৱ সম্পদ গঢ়ি তুলিবলৈ সক্ষম হব নে?
Bite:-1. Head master 2.StudentConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.