কামৰূপ,31 ডিচেম্বৰঃ দুষ্প্ৰাপ্য হলৌ বান্দৰ আপুনি দেখিছেনে? হয়,হলৌ বান্দৰ অৰ্থাৎ বন মানুহ । বৰ্তমান পৃথিৱীৰ পৰা প্ৰায় বিলুপ্তিৰ পথত হলৌ বান্দৰ। ৰাজ্যত বৰ্তমান প্ৰায় সন্ধান নোপোৱা হৈছে হলৌ বান্দৰৰ। কিন্তু বছৰটোৰ শেষত প্ৰকৃতিপ্ৰেমীৰ বাবে এক সুখবৰ! কিয়নো চানডুবিত সন্ধান পোৱা গৈছে হলৌ বান্দৰৰ। হয়,অসম চৰকাৰ তথা বন বিভাগৰ হাতত নথকা খবৰটো হ'ল চানডুবিত সন্ধান লাভ কৰা হৈছে হলুক গীবনৰ। চলিত মাহতে লাভ কৰা হৈছিল হলুক গীবন তথা বন মানুহৰ সন্ধান। চানডুবি উৎসৱ সমিতি আৰু গোৱালপাৰা ফটোগ্ৰাফী চ'ছাইটিৰ অভিযানত লাভ কৰা গৈছে হলুক গীবনৰ ফটো।
চানডুবিত দুষ্প্ৰাপ্য হলৌ বান্দৰ উল্লেখ্য যে '
গোৱালপাৰা ফটোগ্ৰাফী চ'ছাইটিয়ে চানডুবিত থকা আটাইবোৰ হলৌ বান্দৰৰ ফটো আয়ত্ত কৰিব পৰা নাই যদিও তেখেত সকলে অনুমান কৰিছে যে এই বনাঞ্চলত হলৌ বান্দৰৰ প্ৰায় তিনিটা পৰিয়াল আছে। পূৰ্বতে হয়তো এইবিধ বান্দৰৰ বহু পৰিয়াল আছিল যদিও বৰ্তমান খাদ্য বা সংৰক্ষণৰ অভাৱত এই হলৌ বান্দৰৰ প্ৰজাতি বিধ হ্ৰাস হৈ আহিছে। সেয়ে বিলুপ্ত প্ৰায় এই বিধ বান্দৰক চৰকাৰ তথা বন বিভাগে যেন সংৰক্ষণ কৰে তাৰ বাবে স্থানীয় লোক সকলে আহ্বান জনাই।
চানডুবিত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ সন্ধান হলৌৰ বাসস্থান পূৰ্বতে চীন দেশৰ দক্ষিণ অৰণ্যত আছিল যদিও ই
মিচিমি পাহাৰেৰে আহি শতিকা ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণ পাৰৰ অৰণ্য বোৰত বাস কৰিছিল ৷ তাৰপিচতে ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ দক্ষিণ-পূৱ অঞ্চলৰ কিছুমান অৰণ্যতো হলৌ দেখা পোৱা গৈছিল ৷ পিচত 1997 চনত চৰকাৰে প্ৰাণীবিধৰ সংৰক্ষণৰ বাবে গিবন অভয়াৰণ্য আৰু দিহিং-পাটকাই অভয়াৰণ্য গঠন কৰে । ইয়াৰ চাৰিখন ঠেং থাকে যদিও প্ৰায় পিছৰ ঠেং দুখন ব্যৱহাৰ কৰি মাটিত সাইলাখ মানুহৰ দৰে খোজ কাঢ়ে ৷ বৰ্তমান এইবিধ প্ৰাণী চাবলৈ অসমলৈ বিভিন্ন দেশী বিদেশী পৰ্যটক আহে যদিও ৰাজ্যত প্ৰায় নোহোৱা হৈছে হলৌ বান্দৰ । কিন্তু চানডুবিত এই হলৌ বান্দৰৰ সন্ধান পোৱা খবৰে প্ৰকৃতি প্ৰেমীলৈ সুখবৰ কঢ়িয়াই আনিছে৷ যদিহে বন বিভাগ তথা চৰকাৰে হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে বিশেষ কোনো ব্যৱস্থা নলয় তেন্তে হয়টো বিলুপ্তি ঘটিব হলৌ বান্দৰৰ ।
লগতে পঢ়ক - প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড