ETV Bharat / state

গুৱাহাটীৰ ৰাজপথ উদ্ধৱ থাকৰেৰ প্ৰতিকৃতি দাহ

author img

By

Published : Nov 5, 2020, 6:00 PM IST

সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবী জনায় হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ মহানগৰ সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে সাংবাদিক গৰাকীৰ মুক্তিৰ দাবী জনায় ৷

HJCP protest for Arnab Goswami
গুৱাহাটীৰ ৰাজপথ উদ্ধৱ থাকৰেৰ প্ৰতিকৃতি দাহ

কামৰূপ, ৫ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰখনে ভাৰতৰ সংবাদ জগতৰ জেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক এটা গোচৰৰ ভিত্তিত নিজ ঘৰৰ পৰা দাগী অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰা ঘটনাই এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ বৃহস্পতিবাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ মহানগৰ সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৰ অৰ্ধ শতাধিক কৰ্মীয়ে ৰাজপথত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ প্ৰতিকৃতি দাহ কৰি অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰে মুক্তি দিয়াৰ বাবে দাবী জনায় ।

এই প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসে সাংবাদিকৰ আগত কয় যে, মহাৰাষ্ট্ৰত দুজনকৈ সাধুক নিৰ্মমভাৱে হত্যা কৰা, সুশান্ত সিং ৰাজপুত কাণ্ড আৰু মুম্বাই ছবি জগতৰ খান কোম্পানীৰ দপ-দপনি আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে সৰব হোৱাটোৱেই অৰ্ণৱ গোস্বামীৰ বাবে কাল হৈ পৰিল । অৰ্ণৱ গোস্বামীৰ মুখ বন্ধ কৰিবৰ বাবে উদ্ধৱ থাকৰে চৰকাৰে এই নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে । বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত বাৰে-বাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা সংবাদকৰ্মী আক্ৰমণৰ লক্ষ্য হৈ পৰাটো অতিকে দুৰ্ভাগ্যজনক বুলি আক্ষেপ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ।

উল্লেখ্য যে, বিগত দিনত অসমতো এনে ঘটনা সংঘটিত হৈছিল । অগপ আৰু কংগ্ৰেছৰ চৰকাৰৰ দিনত বহুতো নিষ্ঠাৱান সাংবাদিকে কাৰাবাস খাটিব লগা হৈছিল আৰু বহুতে জীৱনো হেৰুৱাইছিল । গতিকে সংবাদ ক্ষেত্ৰত আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ অতি শীঘ্ৰে বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আইন প্ৰস্তুত কৰিব লাগে বুলিও সদৰি কৰে সম্পাদক দাসে । আজিৰ কাৰ্যসূচীত সাধাৰণ সম্পাদক মাধৱ দাসৰ উপৰিও কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিতুমনি গগৈ, মহানগৰ সমিতিৰ সভাপতি অৰূপ পাঠক, খৰ্গপানী তামুলী সহ অৰ্ধ শতাধিক সদস্য উপস্থিত আছিল ৷

অন্য এক খবৰৰ বাবে: মুখ্যমন্ত্ৰীয়ে সোঁৱৰিলে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.