কামৰূপ, 11 মাৰ্চঃ কামৰূপ জিলাৰ হাজো বন বিভাগৰ অধীনৰ পাহাৰসমূহত বনদস্যুৰ তাণ্ডৱ। বিশেষকৈ দামপুৰৰ প্ৰতিখন পাহাৰৰ লগতে বংশৰৰ আৰু শুৱালকুছি পাহৰসমূহতো বনদস্যুয়ে নিৰ্ভয়ে দিনে নিশাই পাহাৰ কাটি টকলা কৰা দেখিবলৈ পোৱা গৈছে । ইয়াৰ লগতে যোৱাকিছুদিন ধৰি কামৰূপৰে শ্ৰী হাটীৰ বুৰঞ্জী প্ৰসিদ্ধ গোৱৰ্ধন পাহৰখনতো একাংশ লোকে পাহাৰৰ ৰঙামাটি কটাৰ লগতে পাহৰখনত থকা বহু মূল্যৱান গছ কাটি নিঃশেষ কৰিছে। দিনে নিশাই এনেদৰে উত্তৰ কামৰূপৰ হাজো বনবিভাগৰ অধিনৰ এই পাহাৰসমূহ কাটি টহলং কৰাৰ পিচতো হাজো বন বিভাগ মৌন হোৱা ঘটনাই সাধাৰণ ৰাইজৰ মাজত বন বিভাগৰ দুৰ্বলতাহে প্ৰকাশ পাইছে। পাহাৰৰ ৰঙা মাটিত সমানে সমানে মহাবাহু বহ্মপুত্ৰৰ বুকুত একাংশ ভূ-মাফিয়াই নদীৰ পলসুৱা আৰু বালিমাটি অবৈধ ভাৱে পৰিবহন কৰা কাৰ্যত অতিষ্ঠ হৈ পৰিছে অঞ্চলসমূহৰ স্থানীয় ৰাইজ । কোনোধৰণৰ চৰকাৰী অনুমতি অবিহনে শুৱালকুছি নদী আৰক্ষীৰ অধীনৰ দদৰা,দলিবাৰী, শিঙিমাৰী,গন্ধমৌ,ৰৌমাৰী,পছৰীয়া,বংশৰ,শুৱালকুছি,শ্ৰী হাটী,লাঁহ,বামুন্দীকে ধৰি বিভিন্ন স্থানত দিনে নিশাই শ শ ট্ৰেক্টৰ আৰু কিছুমান স্থানত দাম্পাৰ ব্যৱহাৰ কৰি চৰকাৰী অনুমতি নোহোৱাকৈ নদীৰ বগা মাটিৰ ৰমৰমীয়া অবৈধ ব্যৱসায়ত চলাই থকা দেখিবলৈ পোৱা গৈছে । দিনে নিশাই শুৱালকুছি গুৱাহাটী মূল পথৰ ওপৰৰে ডাম্পাৰ আৰু ট্ৰেক্টৰ সমূহ চলাই পথচাৰীৰ লগতে স্কুললৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সমূহৰ বাবে অতি বিপদজনক হৈ পৰিছে ।
এই সন্দৰ্ভত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যক অবৈধ বগা আৰু ৰঙামাটি পৰিবহন বন্ধ কৰাৰ দাৱীত স্মাৰক প্ৰত্ৰ প্ৰদান কৰিছিল । সেই স্মাৰক প্ৰত্ৰ গ্ৰহণ কৰি উপায়ুক্ত কমল কুমাৰ বৈশ্যই সাংবাদিক তথা কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটিক অতি শীঘ্ৰে জিলাখনৰ চাৰিওফালে অবৈধ ভাৱে পাহাৰ খনন কৰি ৰঙামাটি পৰিবহন কৰা আৰু নদীৰ বুকুত অবৈধ ভাৱে খনন কৰি বগামাটি সৰবৰাহ কৰা বন্ধ কৰাৰ আশ্বাস প্ৰদান কৰিছিল । কিন্ত উপায়ুক্ত গৰাকীয়ে ছাত্ৰ সন্থাক প্ৰদান কৰা আশ্বাস আজিলৈকে আশ্বাসতে সীমাবদ্ধ হৈ থাকিল ।
লগতে চাওকঃ