দুধনৈ, 2 এপ্ৰিল: প্ৰধানমন্ত্ৰীকে ধৰি বিজেপি দলৰ সকলোৱেই অশিক্ষিত বুলি মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ দুধনৈ সমষ্টিত এখন প্ৰচাৰ সভাত অংশ লৈ মহিলাৰীয়ে এই মন্তব্য কৰে ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত শিক্ষিত মানুহৰ প্ৰয়োজন নাই বুলি কৰা এক মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলাৰীয়ে এই মন্তব্য প্ৰদান কৰে ৷
6 এপ্ৰিলত অনুষ্ঠিত হ'ব লগীয়া অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে তুংগত উঠিছে প্ৰত্যেক ৰাজনৈতিক প্ৰচাৰ ৷ 36 নং দুধনৈ বিধানসভা সমষ্টিটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত উঠিছে ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই দুধনৈ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰী ৷
বৃহস্পতিবাৰে মহাজোঁটবন্ধনৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড৹ মুকুল চাংমা আৰু বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী দুধনৈ খেলপথাৰত উপস্থিত হয় ৷ দুয়োগৰাকী ষ্টাৰ কেম্পেইনাৰে বিজেপি দলৰ বিৰুদ্ধে সাম্প্ৰদায়িকতাবাদ, মিথ্যাচাৰ, প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মূল্যবৃদ্ধি আদিৰ দৰে সমস্যাসমূহৰ পৰা হাত সৰাৰ উদ্দেশ্যে কংগ্ৰেছ দলৰ মাহজোঁটবন্ধনৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীৰ হৈ ভোটদান কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক: উধাৰবন্দ নেট্ৰিপৰ সম্মুখত ইভিএম উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি