ETV Bharat / state

হাজোত বিষক্ৰিয়াত আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ ল'লে বিধায়িকা সুমন হৰিপ্ৰিয়াই - Suman Haripriya

৩০ খন বিচনাযুক্ত চিকিৎসালয়খনত বিচনাৰ অভাৱ হোৱাত বিধায়িকাগৰাকীয়ে ৰোগীসকলৰ বাবে নিশাই তুলিৰ ব্যৱস্থা কৰে ৷ আনহাতে চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক, নাৰ্চসকলে সকলো ৰোগীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত তৎপৰতা প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে ৷

Suman Haripriya
বিধায়িকা সুমন হৰিপ্ৰিয়া
author img

By

Published : Jun 7, 2020, 1:46 PM IST

হাজো, 7 জুন : হাজোত বিষক্ৰিয়াত আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ শনিবাৰে নিশা হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় বিধায়িকা সুমন হৰিপ্ৰিয়া ৷ ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনত বিচনাৰ অভাৱ হোৱাত বিধায়িকাগৰাকীয়ে ৰোগীসকলৰ বাবে নিশাই তুলিৰ ব্যৱস্থা কৰে ৷ আনহাতে চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক, নাৰ্চসকলে সকলো ৰোগীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত তৎপৰতা প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে ৷

হাজোত বিষক্ৰিয়াত আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ ল'লে বিধায়িকা সুমন হৰিপ্ৰিয়াই

উল্লেখ্য যে, কামৰূপ জিলাৰ হাজোৰ শান্তিপুৰৰ মহিম দাস নামৰ লোকজনৰ মাহেকীয়া শ্ৰাদ্ধ উপলক্ষে বুধবাৰে আয়োজন কৰা হৈছিল এক অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত উপস্থিত প্ৰসাদ খাই শান্তিপুৰৰ প্ৰায় সংখ্যক লোকেই বিষক্ৰিয়াত আক্ৰান্ত হয় ৷ আনহাতে প্ৰসাদত হোৱা এই বিষক্ৰিয়াৰ ফলত দীপচন দাস এজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ মৃত ককাকৰ মাহেকীয়া আদ্য শ্ৰাদ্ধৰ বুট-মাহ খাই মৃত্যুক আঁকোৱালি ল'লে দীপচন দাস নামৰ যুৱকজনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.