আমিনগাঁও, 18 ফেব্ৰুৱাৰীঃ বহুদিনীয়া আশা পূৰণ হোৱাৰ পথত উত্তৰ গুৱাহাটীবাসীৰ ৷ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২৮ জানুৱাৰীত আমিনগাঁৱত ঘোষণা কৰিছিল যে আগন্তুক ৪৫ দিনৰ পিছতে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী দলং খনৰ কাম আৰম্ভ হ'ব । ইয়াৰ পিছতে উত্তৰ গুৱাহাটীৰ দিশে পৰিলক্ষিত যুদ্ধংকালীন প্ৰস্তুতি ৷ ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । প্ৰস্তাৱিত দলংখনৰ বাবে হাৰিয়ানাৰ 'SP SINGLA CONSTRUCTION COMPANY PVT LTD'এ উত্তৰ গুৱাহাটীৰ মাজগাঁৱত স্থাপন কৰিছে তেওঁলোকৰ কাৰ্যালয় ।
এই কাৰ্যালয়ত থাকিব বিভিন্ন বিভাগৰ COMPANY টোৰ দুই শতাধিক বিষয়া-কৰ্মচাৰীৰ আৰু শ্ৰমিক সকল । আগন্তুক এক ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব কাৰ্যালয়টোৰ চৌহদ । ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলঙখনৰ উত্তৰপাৰ নিয়ন্ত্ৰণ হ'ব এই কাৰ্যালয়ৰ পৰা । প্ৰস্তাৱিত দলঙখনক লৈ উত্তৰ গুৱাহাটীত পাৰ ভঙা উচাহ দেখা গৈছে । গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী এখন দলঙৰ বাবে উত্তৰ গুৱাহাটীবাসীয়ে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল ।
লগতে চাওকঃখিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ হ’ব 1951 চন