ETV Bharat / state

সনাতন ডেকাৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য

author img

By

Published : Jun 9, 2020, 3:24 PM IST

হাজোৰ মনাহকুছিৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা সনাতন ডেকাৰ পৰিয়াললৈ আগবঢ়োৱা হ'ব দুই লাখ 30 হাজাৰ টকাৰ চৰকাৰী সাহাৰ্য ৷

Government will provide relief to Sonaton Deka family
সনাতন ডেকাৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য

কামৰূপ, 9 জুন: ৰাজ্য জোঁকাৰি যোৱা হাজোৰ মনাহকুছিৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা সনাতন ডেকাৰ পৰিয়াললৈ আগবঢ়োৱা হ'ব দুই লাখ 30 হাজাৰ টকাৰ চৰকাৰী সাহাৰ্য ৷ পাচলিৰ খেতি কৰি পৰিয়ালক পোহপাল দিয়া সনাতন ডেকাৰ পৰিয়ালক পঞ্চায়ত আৰু জিলা গ্ৰামীণ বিকাশ বিভাগৰ তৰফৰ পৰা নিৰ্মাণ কৰি দিয়া হ'ব চৰকাৰী ঘৰৰ লগতে পাচলি উদ্যান ৷ সনাতন ডেকাৰ ঘৰত উপস্থিত হৈ এই কথা জনাইছে কামৰূপ পঞ্চায়ত আৰু গ্ৰামীণ বিকাশ বিভাগৰ কাৰ্যকৰী অভিযন্তা বলেন্দ্ৰ কলিতাই ৷

সনাতন ডেকাৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য

আনহাতে,সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 86 শতাংশ নম্বৰেৰে উজলি উঠা হাজো সমষ্টিৰ তেতেলিয়া গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ প্ৰকাশ কলিতাৰ বাসগৃহটোও শীঘ্ৰেই চৰকাৰী আঁচনিৰ অধীনত নিৰ্মাণ হ'ব বুলি সদৰি কৰে বিজেপি নেতা ৰাতুল শৰ্মাই ৷ উল্লেখ্য যে,ইতিমধ্যেই আগন্তুক শিক্ষা বৰ্ষৰ বাবে হাজো সমষ্টিৰ চাৰি গৰাকীকৈ দৰিদ্ৰ শিক্ষাৰ্থীৰ প্ৰয়োজনীয় সকলো খৰছ বহন কৰিছে বিজেপি নেতা ৰাতুল শৰ্মাই।

লগতে পঢ়কঃ বাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.