ETV Bharat / state

তিনি মাহে জলমগ্ন ৰঙিয়া-গোৰেশ্বৰ গড়কাপ্তানী পথ

এটা গড়কাপ্তানী পথ ৷ যিটো পথ বিগত তিনি মাহ ধৰি জলমগ্ন হৈ আছে ৷ কিন্তু এতিয়াকৈ সাৰ পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ ৷

author img

By

Published : Oct 4, 2020, 11:45 AM IST

তিনি মাহে জলমগ্ন ৰঙিয়া-গোৰেশ্বৰ গড়কাপ্তানী পথ
তিনি মাহে জলমগ্ন ৰঙিয়া-গোৰেশ্বৰ গড়কাপ্তানী পথ

ৰঙিয়া, 4 অক্টোবৰ : যোৱা প্ৰায় তিনি মাহ ধৰি জলমগ্ন হৈ আছে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ । গড়কাপ্তানী পথটোৰ ধেপাৰগাঁও অঞ্চলত বৰ্তমানেও আছে এককাল পানী । ফলত যান-বাহনৰ চলাচল সম্পূৰ্ণ ব্যাহত হৈ আছে অঞ্চলটোত ।

মৰণক শৰণ কৰি যাতায়ত কৰিবলৈ বাধ্য গাঁওবাসীয়ে ৰোগীসকলক চিকিৎসালয়লৈ নিবলৈ হ'লে কান্ধত ভাৰ বান্ধি ১৫/২০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ বাধ্য হয় । ইয়াৰ উপৰিও পথৰ দাঁতিত থকা বহুকেইটা ঘৰৰ চোতালেৰে যোৱা প্ৰায় তিনি মাহৰ পৰা অহৰহ পানীৰ সোঁত বৈ আছে । কৰবালৈ যাবলগীয়া থাকিলে ৰাইজে এসাজ কাপোৰৰে অঞ্চলটোৰ পৰা ওলাই আহি পুনৰ আন এসাজ কাপোৰ পিন্ধিব লাগে । পথৰ দুৰৱস্থাৰ বাবে প্ৰশাসন তথা চৰকাৰৰ ওচৰত ৰাইজৰ কাতৰ আহ্বান, ৰাইজৰ যাতায়তৰ বাবে এখন নাওঁৰ ব্যৱস্থা কৰি দিয়ক চৰকাৰে ।

উল্লেখ্য যে তিনি মাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি চিঙি প্লাৱিত কৰিছিল ৰঙিয়াৰ শতাধিক গাঁও । কিন্তু ৰাজ্য চৰকাৰে তিনি মাহে সম্পূৰ্ণ কৰিব নোৱাৰিলে মথাউৰি মেৰামতিৰ কাম । অতি লেহেমীয়া গতিত চলিছে পুঠিমাৰী নৈৰ মথাউৰি নিৰ্মাণৰ কাম । যাৰ ফলত এতিয়াও জলমগ্ন হৈ আছে ৰঙিয়া গোৰেশ্বৰ গড়কাপ্তানী পথটো ।

লগতে পঢ়ক : এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্পত ব্যাপক অনিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.