ETV Bharat / state

ৰাজ্যিক কেবিনেটত নিবনুৱাৰ বাবে ভাল খবৰ: অচিৰেই মুকলি হ'ব বহু পদ

লোক নিৰ্মাণ বিভাগত কাৰিকৰী ক্ষেত্ৰত 804 টা নতুন পদৰ সৃষ্টি ৷ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তিনিটা নতুন সংমণ্ডৰ বাবে 93 টা বিভিন্ন পদত নিযুক্তি দিয়া হ'ব ৷ বৃহস্পতিবাৰে অনুষ্ঠিত পঞ্চদশ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ সিদ্ধান্ত ৷

good-news-for-unemployment-many-posts-to-be-opened-soon
ৰাজ্যিক কেবিনেটত নিবনুৱাৰ বাবে ভাল খবৰঃ অচিৰেই মুকলি হ'ব বহু পদ
author img

By

Published : Aug 26, 2021, 8:25 PM IST

গুৱাহাটী,26 আগষ্ট: এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ ৷ ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে অনুষ্ঠিত পঞ্চদশ ৰাজ্যিক কেবিনেটে নিবনুৱাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে৷ বহু সংখ্যক নিয়োগ সৃষ্টি সিদ্ধান্ত গ্ৰহণ কৰা হয় বৃহস্পতিবাৰৰ কেবিনেটত৷ বিশেষকৈ লোক নিৰ্মাণ বিভাগত কামৰ বোজা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হৈছে৷ যাৰ বাবে বিভাগটোত অচিৰেই সৃষ্টি হ'ব 804 টা নতুন পদ ৷

উল্লেখ্য যে,বিভাগটোৰ বিল্ডিং শাখাৰ সম্প্ৰসাৰণ কৰি বিভাগীয় কাৰ্যালয় বৃদ্ধিৰ লগতে নিয়োগ সৃষ্টিৰ বাবে বৃহস্পতিবাৰেকেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই কথা সংবাদমেল যোগে সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰী গৰাকীয়ে জনোৱা মতে,লোক নিৰ্মাণ বিভাগৰ বিল্ডিং শাখাৰ চক্ৰ কাৰ্যালয়ৰ সংখ্যা পাঁচটাৰ পৰা 13 টালৈ বৃদ্ধি কৰা হৈছে ৷ সেইদৰে ডিভিজন অ'ফিচ 17 টাৰ পৰা 37 টা লৈ বৃদ্ধি কৰা হৈছে ৷ আনহাতে চাব ডিভিজন অ'ফিচ 49 টাৰ পৰা 77 টালৈ বৃদ্ধি কৰা হৈছে ৷

ৰাজ্যিক কেবিনেটত নিবনুৱাৰ বাবে ভাল খবৰঃ অচিৰেই মুকলি হ'ব বহু পদ

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে,নতুনকৈ সৃষ্টি কৰা এই কাৰ্যালয়সমূহৰ বাবে কাৰিকৰী ক্ষেত্ৰত 804 টা নতুন পদৰ প্ৰয়োজন হ'ব আৰু শীঘ্ৰেই এই পদসমূহ পূৰণ কৰা হ'ব ৷ কাৰিকৰী পদৰ উপৰিও ন'ন-টেকনিকেল পদো ভালেখিনি সৃষ্টি হ'ব৷

আনহাতে লোক নিৰ্মাণ বিভাগৰ ইলেক্ট্ৰিকেল শাখাৰ ডিভিজনো চাৰিটালৈ বৃদ্ধি কৰা হ'ব ৷ লোক নিৰ্মাণ বিভাগৰ বিল্ডিঙৰ বাবে অতিৰিক্ত মুখ্য অভিযন্তাৰ(চিভিল) 1 টা, অধীক্ষক অভিযন্তাৰ 10 টা, ইলেক্ট্ৰিৰ অধীক্ষক অভিযন্তাৰ 5 টা, কাৰ্যবাহী অভিযন্তাৰ (বিল্ডিং, চিভিল) 25 টা, কাৰ্যবাহী অভিযন্তাৰ (ইলেক্ট্ৰিকেল) 9 টা, সহকাৰী কাৰ্যবাহী অভিযন্তাৰ (বিল্ডিং) 63 টা, সহকাৰী কাৰ্যবাহী অভিযন্তাৰ (ইলেক্ট্ৰিকেল) 31, সহকাৰী অভিযন্তাৰ 192 টা পদ নতুনকৈ সৃষ্টি হ'ব ৷

লগতে পঢ়কঃ পহিলা ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান: ভেকচিন বাধ্যতামূলক

ইফালে বৃহস্পতিবাৰে কেবিনেটে মাজুলী,বজালী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তিনিটা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মাজুলীত সংমণ্ডলৰ মুখ্য সদৰ হ'ব কমলাবাৰী৷ সেইদৰে বজালীৰ বাবে হ'ব পাঠশালা আৰু দক্ষিণ শালামাৰ মানকাছৰৰ বাবে হ'ব হাটশিঙিমাৰী ৷ নতুন কাৰ্যালয় নোহোৱালৈকে বৰ্ত্তমান এছ ডি অ' অফিচতে সংমণ্ডলৰ কাম-কাজ হ'ব ৷ এই নতুন তিনিটা সংমণ্ডৰ বাবে 93 টা বিভিন্ন পদ নিযুক্তি দিয়া হ'ব ৷

লগতে পঢ়কঃ পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.