ETV Bharat / state

কৃষকক ক্ষতিপূৰণ দিব  আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই

author img

By

Published : Apr 30, 2020, 3:26 PM IST

লক্‌ ডাউনৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষকলৈ সু-খবৰ । ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ ক্ষতিপূৰণ দিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে হাজোৰ গেৰুৱাস্থিত আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই ।

কৃষকক ক্ষতিপূৰণ দিব হাজোৰ গেৰুৱাস্থিত আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই

হাজো, 30 এপ্ৰিলঃ লক্​ ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক ক্ষতিপূৰণ দিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে হাজোৰ গেৰুৱাস্থিত আঞ্চলিক ধান গৱেষণা কেন্দ্ৰ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই গৱেষণা কেন্দ্ৰটোত ইতিমধ্যেই বৈজ্ঞানিক সকলে উৎপাদন কৰিছে হাই প্ৰ'টিনযুক্ত কেইবাটাও উন্নত জাতৰ ধান। এইবেলি ৰাজ্যৰ খেতি পথাৰত উপলব্ধ হ'ব চি আৰ ধান ৩০৮, ৩০৯, ৩১০, ৩১১ আদি বিভিন্ন প্ৰকাৰৰ ধান । চি আৰৰ ভিন্ন প্ৰকাৰৰ ধানৰ পৰা প্ৰতি বিঘাত দুগুণ অৰ্থাৎ ৩৫ মোনকৈ ধান লাভ কৰিব কৃষকসকলে। লক্​ ডাউনৰ সময়ছোৱাত হাজোৰ কৃষকসকলৰো ব্যাপক হাৰত ক্ষতি হৈছে ৷ সেয়ে কৃষকসকলক উদ্ধাৰ কৰিবলৈ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নিৰ্দেশত কৃষি বৈজ্ঞানিকসকলে গৱেষণা কেন্দ্ৰটোৰ ধানসমূহ পৰ্যবেক্ষণ কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.