আজাৰা, 15 এপ্ৰিল: বৰ্তমান মূৰ্তি চাবলৈ হেতা ওপৰা লাগিছে ভক্তৰ । সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰলৈ লানি নিচিগা সোঁত বৈছে ভক্তৰ । ধুপ-ধুনা, চাকি-বন্তিৰে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামপুৰৰ সুজনপাৰাত। মহিলাগৰাকীৰ পৰিয়ালৰ মতে পূৰ্বতকৈ বৃদ্ধি পাইছে মূৰ্তিটোৰ উচ্চতা । ঘৰৰ আৰু স্থানীয় লোকৰ মতে উদ্ধাৰ হোৱা মূৰ্তিটো সোণ অথবা পিতলৰ বিষ্ণুৰ মূৰ্তি। দেৱেশ্বৰ কলিতাই জনোৱা মতে প্ৰথমে সৰু হৈ থকা মূৰ্তিটো ক্ৰমে পঞ্চমুখ সাপৰ নিচিনা হৈ শ্ৰী বিষ্ণুৰ ৰূপ গ্ৰহণ কৰিছে ।
দক্ষিণ কামৰূপত মাটি ফুটি ওলাল সোণৰ মূৰ্তি - মূৰ্তি উদ্ধাৰ
দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাত এটা মূৰ্তি উদ্ধাৰ হোৱাক লৈ সোমবাৰে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। পুৱা চোতালত ঝাৰু দিয়াৰ সময়ত হঠাৎ এগৰাকী মহিলাই প্ৰথমে সাপৰ নিচিনা মূৰ্তিটো প্ৰত্যক্ষ কৰি ঘৰৰ লোকক খবৰ দিয়ে।
আজাৰা, 15 এপ্ৰিল: বৰ্তমান মূৰ্তি চাবলৈ হেতা ওপৰা লাগিছে ভক্তৰ । সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰলৈ লানি নিচিগা সোঁত বৈছে ভক্তৰ । ধুপ-ধুনা, চাকি-বন্তিৰে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামপুৰৰ সুজনপাৰাত। মহিলাগৰাকীৰ পৰিয়ালৰ মতে পূৰ্বতকৈ বৃদ্ধি পাইছে মূৰ্তিটোৰ উচ্চতা । ঘৰৰ আৰু স্থানীয় লোকৰ মতে উদ্ধাৰ হোৱা মূৰ্তিটো সোণ অথবা পিতলৰ বিষ্ণুৰ মূৰ্তি। দেৱেশ্বৰ কলিতাই জনোৱা মতে প্ৰথমে সৰু হৈ থকা মূৰ্তিটো ক্ৰমে পঞ্চমুখ সাপৰ নিচিনা হৈ শ্ৰী বিষ্ণুৰ ৰূপ গ্ৰহণ কৰিছে ।
Slug:-A_Kam_Gold_God_Superstition_801-808_vis+bite+photo_Ajay_Das
পুনৰ আৱিৰ্ভাভ ঘটিল ভগৱানৰ ! এইবাৰ মাটি ফুটি উলাল সোনৰ মুৰ্তি ! কিন্তু ক'ত । এক প্ৰতিবেদন ।
Vo...এঘৰ মানুহৰ ঘৰলৈ সমাগম ঘটিছে বহু লোকৰ । সকলোৰে হাতে হাতে ধুপ-ধুনা,চাকি । কাৰণ এই ঘৰ মানুহৰ তাত উলাইছে এটি সোনৰ মুৰ্তি । হয়, এই দৃশ্য দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাৰ । ৰাতিপুৱা চোতালত ঝাৰু দিয়াৰ সময়ত হঠাৎ এগৰাকী মহিলাই প্ৰথমে প্ৰত্যক্ষ কৰি এবাৰ হাতেৰে চুই দিয়ে এই সাপৰ নিচিনা মুৰ্তিটো তাৰপিছতে মহিলা গৰাকীয়ে ঘৰৰ লোকক খবৰ দিয়াত হুৱাদুৱা লাগিল অঞ্চলটোত । তাৰপিছতে হঠাৎ বনজুই বিয়পা দি বিয়পি পৰে খবৰটি । মুৰ্তি চাবলৈ হেতা ওপৰা লাগিল ভক্তৰ । লানি নিচিগা সৌত বৈছে ভক্তৰ । ভক্তই মুৰ্তিটোৰ ওচৰতে জ্বলাইছে ধুপ-ধুনা,চাকি-বন্তি । মুঠৰ ওপৰত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামপুৰৰ সুজনপাৰাত । ঘৰৰ লোকৰ ম'তে পুৰ্বতকৈ কিছু বৃদ্ধি হৈছে মুৰ্তিটোৰ উচ্চতা ।
Bite1...মহিলা,দেৱেশ্বৰৰ পত্নি
হয়, ঘৰৰ আৰু স্থানীয়লোকৰ ম'তে এয়া সোণ অথবা পিতলৰ এটি বিষ্ণুৰ মুৰ্তি । এই খবৰ বিয়পাৰ লগে লগে প্ৰৱল বৰষুণকো নেওচি ভক্ত লানি নিচিগা সোত বৈছে দক্ষিণ কামৰূপৰ ৰামপুৰৰ সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰলৈ । দেৱেশ্বৰ কলিতা নামৰ লোকজনে জনোৱা ম'তে পোন প্ৰথমে এটি সৰু হৈ থকা এইটো বস্তুৱে এতিয়া পঞ্চমুখ সাপৰ নিচিনা হৈ শ্ৰী বিষ্ণুৰ অৱতাৰ ৰূপ গ্ৰহন কৰিছে ।
Bite2..পুৰুষ,দেৱেশ্বৰ কলিতা ।
এতিয়া এই ঘটনাই ৰাইজৰ মাজত সৃষ্টি কৰিছে এক কৌতুহলৰ । অৱশ্যে ৰাইজে এই সোনালী বৰনৰ বস্তুটোক এটি ভগৱানৰ মুৰ্তি হিচাপে গ্ৰহন কৰাটো বিশ্বাস নে অন্ধবিশ্বাস সেয়া আপোনালোকেই বিচাৰ কৰক ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam