ETV Bharat / state

ছেলফীয়ে কাল হ'ল শুৱালকুছিৰ উৰ্বশীৰ

author img

By

Published : Mar 22, 2021, 4:10 PM IST

ছেলফীয়ে কাল হ‘ল শুৱালকুছিৰ এগৰাকী ছাত্ৰীৰ ৷ বান্ধৱীৰ সৈতে চেলফি উঠিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে শুৱালকুছিৰ উৰ্বশী কলিতা নামৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ৷

girl-died-when-she-go-for-taking-a-selfie-on-a-water-tank
ছেল্ফীয়ে কাল হ'ল শুৱালকুছিৰ উৰ্বশীৰ !

বাইহাটা,22 মাৰ্চ: ছেলফীয়ে কাল হ‘ল শুৱালকুছিৰ এগৰাকী ছাত্ৰীৰ ৷ বান্ধৱীৰ সৈতে চেলফি উঠিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে শুৱালকুছিৰ উৰ্বশী কলিতা নামৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ৷

জানিব পৰা মতে, উৰ্বশী কলিতা নামৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল পূৱ শুৱালকুছিৰ ফুলবাৰী পাহাৰৰ ওপৰত থকা এছিয়াৰ সৰ্ববৃহৎ পানী যোগান আঁচনিটোলৈ । পানীৰ টেংকীত উঠি ছেলফী ল’ব ধৰোতেই ছাত্ৰীগৰাকী পিছলি পৰি বৃহৎ পানীৰ টেংকীত পৰি সন্ধানহীন হৈ পৰে ছাত্ৰী গৰাকী । এই ঘটনাৰ পাছত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহৎ পানীটেংকীৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰী গৰাকীৰ মৃতদেহ । ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

girl died when she go for taking a selfie on a water tank
ছেল্ফীয়ে কাল হ'ল শুৱালকুছিৰ উৰ্বশীৰ !

উল্লেখ্য যে, শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় দশম শ্ৰেণীৰ ছাত্ৰী আছিল উৰ্বশী কলিতা ৷ ছাত্ৰীগৰাকীৰ মৃত্যুত এতিয়া পৰিয়ালটোত কান্দোনৰ ৰোল উঠাৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : 24 ঘণ্টাৰ ভিতৰত 46,951 গৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.