ETV Bharat / state

ৰঙিয়াত কংগ্ৰেছৰ গৌৰৱ যাত্ৰা - Azadi ka Gaurav Yatra

সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱৰ পালন কৰি থকাৰ মাজতে কংগ্ৰেছ দলে দেশজুৰি উলিয়াইছে স্বাধীনতাৰ গৌৰৱ যাত্ৰা(Gaurav yatra of Congress)। ইয়াৰে অংশৰূপে ৰঙিয়াত কংগ্ৰেছে শনিবাৰে ৰাইজক সজাগ কৰিবলৈ গৌৰৱ যাত্ৰা উলিয়াই ।

Gaurav yatra of Congress
ৰঙিয়াত কংগ্ৰেছৰ গৌৰৱ যাত্ৰা
author img

By

Published : Aug 13, 2022, 1:56 PM IST

ধুবুৰী, ১১আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence)পালনৰ বাবে সাজু হৈছে দেশবাসী । সমগ্ৰ দেশে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ(Azadi ka Amrit Mahotsav) পালন কৰি থকাৰ মাজতে কংগ্ৰেছ দলে দেশজুৰি স্বাধীনতাৰ গৌৰৱ যাত্ৰা(Gaurav yatra of Congress)উলিয়াইছে । ইয়াৰে অংশৰূপে ৰঙিয়াত কংগ্ৰেছে শনিবাৰে ৰাইজক সজাগ কৰিবলৈ গৌৰৱ যাত্ৰা উলিয়াই । ৰঙিয়া গ্ৰাম্য কংগ্ৰেছ,ৰঙিয়া নগৰ কংগ্ৰেছ,গোৰেশ্বৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত উলিওৱা এই সমদলটো ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হয়(Azadi ka Gaurav Yatra)। এই সমদলটোৱে ৰঙিয়া থানাৰ সন্মুখেৰে ৰঙিয়া এন টি ৰোডেৰে আহি পুনৰ ৰাজীৱ ভৱনলৈ গতি কৰে ।

ৰঙিয়াত কংগ্ৰেছৰ গৌৰৱ যাত্ৰা

উল্লেখ্য় যে এই সমদলটোৰ শুভাৰম্ভ কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে(MP Abdul Khaleque)। কংগ্ৰেছ নেতৃবৃন্দৰ লগতে তিনি শতাধিক লোকে অংশ গ্ৰহণ কৰা সমদলটোত ৰাইজে হাতে হাতে জাতীয় পতাকা লৈ 'বন্দে মাতৰম্' ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ঘনশ্যাম কলিতাই আঁত ধৰা এই যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি নৃপেন ঠাকুৰীয়া,মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজংবশী(former MP Madhav Rajbanshi),ৰঙিয়া সমষ্টিৰ যুৱ মৰ্চাৰ সভাপতি কামাল আলী,কামৰূপ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি দীপক কলিতা,গোৰেশ্বৰ ব্লকৰ সভাপতি ৰবেন ডেকা,ৰঙিয়া নগৰ ব্লকৰ সভাপতি উজ্জ্বল লহকৰ,ৰঙিয়া গ্ৰাম্য ব্লকৰ সভাপতি উদ্ধৱ দাস প্ৰমুখ্যে দলৰ ভালেসংখ্যক নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷

এই সমদলটোৰ অন্তত ৰঙিয়াৰ ৰাজীৱ ভৱন প্ৰাংগনত এখন সভাৰ আয়োজন কৰা হয় । উক্ত সভাখনত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে কয় যে এই স্বাধীনতা জাতি,ধৰ্ম নিৰ্বিশেষে সেই সময়ত বৃটিছৰ বিৰুদ্ধে আন্দোলনত জপিয়াই পৰা বহু বীৰ বীৰাংগনাৰ ত‍্যাগৰ বিনিময়ত আহিছে । ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা,মুকুন্দ কাকতিক শ্ৰদ্ধাৰে সুৱৰি বিধায়কগৰাকীয়ে সকলোকে দেশপ্ৰেমৰ ভাৱনাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । সাংসদ খালেকে লগতে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ দেশ প্ৰেমৰ ভাৱ গভীৰভাবে সোমাই আছে বুলিও দোহাৰে ।

লগতে পঢ়ক:হোজাইত কংগ্ৰেছৰ আজাদী কা গৌৰৱময় যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.